
নগাঁওঃ নগাঁও চহৰত শুকুৰবাৰে ব্যতিক্ৰমীৰূপত অনুষ্ঠিত কৰা হয় এক বিশেষ কবিতাৰ অনুষ্ঠান৷ বিগত সময়ৰ দৰে এইবাৰো কবিতাৰ সম্ৰাট নৱকান্ত বৰুৱাৰ ওপজা দিনটো 'কবিতাৰ দিন' হিচাপে পালন কৰে অকণি সাহিত্য সভাই৷
প্ৰথিতযশা কবি নৱকান্ত বৰুৱাই ওমলি-জামলি সোণালী শৈশৱ পাৰ কৰা নগাঁও চহৰৰ বৰবজাৰস্থিত পুৰণি ভেটিৰ চোতালতে বহি বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা নবীন-প্ৰবীন কবিসকলে কবিতাৰ সম্ৰাট গৰাকীক স্মৰণ কৰে৷ শিল্পী আতিকুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই মনোগ্ৰাহী অনুষ্ঠানত কবিসকলে পাঠ কৰা কবিতাৰ ধ্বনিৰে মুখৰিত হৈ পৰে কবিতাৰ সম্ৰাটৰ চোতাল ৷
সাংবাদিক প্ৰাঞ্জল বৰদলৈ আৰু কবি ৰাকেশধীৰ মেধীয়ে আঁত ধৰা ব্যতিক্ৰমী অনুষ্ঠানটোত কুমকুম বৰা আৰু জিমনী শইকীয়াকে ধৰি কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠব্য বৃদ্ধি কৰে৷ অনুষ্ঠানতে জগত সভালৈ যাব বিচৰা দহ গৰাকী কবিক 'কবিতাৰ দিন'ৰ সন্মান যাঁচে অকণি সাহিত্য সভাই৷