শনিবাৰৰ পৰা আৰম্ভ হৈছে কোচ ৰাজবংশী সাহিত্য সভাৰ অধিবেশন

গোলকগঞ্জঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকেৰে ভৰি পৰিছে ধুবুৰীৰ গোলকগঞ্জ৷ জনগোষ্ঠীটোৰ পুৰুষ-মহিলাই পৰম্পৰাগত সাজেৰে ওলাই আহিছে কোচ ৰাজবংশী সাহিত্য সভাৰ অধিবেশনলৈ৷ সাহিত্য, লোক নৃত্য, গীত, মাতেৰে ৰজন জনাই উঠিছে গোলকগঞ্জৰ আকাশ-বতাহ৷

কোচ ৰাজবংশী সাহিত্যক বিশ্বৰ ডৰবাৰত জিলিকাই তুলিবলৈ প্ৰয়াস কৰি অহা কোচ ৰাজবংশী সাহিত্য সভাৰ অধিবেশন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ ধুবুৰী জিলাৰ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ হাৰিয়া মণ্ডল সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কোচ ৰাজবংশী সাহিত্য সভাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিবেশন তথা ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী৷

পুৱা কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি দীজেন্দ্ৰ নাথ ভকতে পতাকা উত্তোলন কৰাৰ লগতে আন ২৫গৰাকী লোকে ২৫ খন পতাকা উত্তোলন কৰে৷ শ্বহীদ তৰ্পন, সমুহীয়া শ্ৰদ্ধাঞ্জলি, কবিতা সমাৰোহ, আলোচনা চক্ৰ আদি অনুষ্ঠান অনুষ্ঠিত হয়৷ ১৭ খন শাখাকলৈ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷ কাইলৈ পশ্চিম বংগ, নেপালৰ বহু আমন্ত্ৰিত উপস্থিতি থাকিব বুলি কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দীজেন্দ্ৰ নাথ ভকতে জানিবলৈ দিয়ে।