পাঠদান চলি থকাৰ অৱস্থাতে চৰাইৰ বাহ পাৰিবলৈ বিদ্যালয়ৰ চিলিঙত উঠি প্ৰাণ গ’ল ছাত্ৰৰ, কোকৰাঝাৰত চাঞ্চল্য

কোকৰাঝাৰঃ কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ এখন বিদ্যালয়ত চিলিঙৰ পৰা পৰি এগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলা খনৰ ফকিৰাগ্ৰাম পাখ্ৰীতল পাহান বস্তি এলপি স্কুলৰ প্ৰায় ১০ বছৰীয়া তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰফিকুল আলিৰ চিলিঙৰ পৰা পৰি মৃত্যু হয়৷ 

প্ৰাপ্ত অভিযোগ মতে যোৱা ৩১ মাৰ্চত ছাত্ৰ ৰফিকুলে বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাত পাৰ চৰাইৰ বাহ ভাঙিবলৈ তথা পাৰ চৰাইৰ পোৱালি ধৰিবলৈ স্কুলৰ চিলিঙত উঠে যদিও দূৰ্ভাগ্যক্ৰমে চিলিঙৰ পৰা ছাত্ৰগৰাকী সৰি পৰাত গুৰুতৰভাৱে আহত হয়। 

গুৰুতৰভাৱে আহত হৈ অজ্ঞান হৈ পৰা ছাত্ৰগৰাকীক ততাতৈয়াকৈ প্ৰথমে ফকিৰাগ্ৰাম উপ স্বাস্থকেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএমচিলৈ প্ৰেৰণ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অজ্ঞান হৈ পৰা ছাত্ৰগৰাকী জিএমচিত ভৰ্তি কৰোৱা হয় যদিও সোমবাৰে নিশা চিকিৎসাধীন অৱস্থাতে নিয়তিৰ ওচৰত হাৰ মানে৷ কৰুণ মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰগৰাকীৰ অভিভাৱকে অদ্যপি কোনোধৰণৰ অভিযোগ আৰক্ষী চকীত দাখিল কৰা নাই। 

আনহাতে প্ৰধান শিক্ষয়িত্ৰী সোণালী ভৌমিক সেই সময়ত কাৰ্যালয়ৰ কামত ব্যস্ত থকাত ছাত্ৰগৰাকী চিলিঙত উঠাটো প্ৰধান শিক্ষয়িত্ৰীৰ দৃষ্টিগোচৰ নহল বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে মতপোষণ কৰিছে যদিও বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে সংঘটিত হোৱা এনে ঘটনাই শিক্ষক-শিক্ষয়িত্ৰীৰ দায়বদ্ধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে।