
কোকৰাঝাৰঃ ৫ ছেপ্তেম্বৰত বিটিএডিৰ সদৰ উত্তাল কৰিবলৈ সাজু হৈছে চাওতাল জনগোষ্ঠীৰ লোক৷ সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অহা ৫ ডিচেম্বৰত কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কাৰ্যসূচী ৰূপায়ণ কৰিব৷
চাওতাল জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা, মাটিৰ পট্টা প্ৰদান কৰা আৰু চাওতালী মাতৃভাষাৰ শিক্ষক নিযুক্তি প্ৰদান কৰাৰ দাবীত ৫ ডিচেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া এক বজালৈ কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰিব লগা ধৰ্না কাৰ্যসূচীত অসম চাওতালী সাহিত্য সভা, চাওতালী মাতৃভাষা শিক্ষক সন্থা আৰু চাওতাল মহিলা সমিতিকে ধৰি চাওতাল জনগোষ্ঠীৰ বুদ্ধিজীৱী, সাহিত্যিক আৰু জনগোষ্ঠীটোৰ সৰ্বসাধাৰন লোক উপস্থিত থাকিব বুলি দেওবাৰে এক বিবৃতি যোগে সদৰি কৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ছাইমন কিস্কু আৰু সম্পাদক মিণ্টু হেমব্ৰমে৷
বিবৃতিত ছাত্ৰ নেতাদ্বয়ে অভিযোগ কৰা মতে দেশৰ আন ৰাজ্যত চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা দিয়া হৈছে যদিও অসমৰ ভূমিপুত্ৰ চাওতাল সকলক চৰকাৰে জনজাতিকৰনৰ পৰা বঞ্চিত কৰি আহিছে বুলি অভিোগ উত্থাপন কৰে। বঞ্চনাৰ প্ৰতিবাদত আৰু জনগোষ্ঠীটোক ন্যায় প্ৰদানৰ দাবী তথা চাওতাল জনগোষ্ঠীয়ে দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধানৰ দাবীত ৰূপায়ণ হ’বলগা ধৰ্না কাৰ্যসূচীত জনগোষ্ঠীটোৰ সকলো লোককে অংশগ্ৰহণ কৰিবলৈ সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ছাইমন কিস্কু আৰু সম্পাদক মিণ্টু হেমব্ৰমে আহবান জনায় ৷