
কোকৰাঝাৰঃ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটী মহানগৰীৰ লগতে বৰপেটা, কোকৰাঝাৰ আৰু বঙাইগাঁৱত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সোমবাৰে ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে কোকৰাঝাৰতো শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷
সন্ধিয়া ৫.৩০ বজাত বালাজান তিনিআলি আঞ্চলিক ছাত্ৰ সন্থাই যোৱা ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই বালাজান তিনিআলি বজাৰৰ জিৰণি চৰাত ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে বন্তি প্ৰজ্বলন কৰে৷
আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ নাথ আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি ৰায়ৰ নেতৃত্বত সন্ত্ৰাসবাদ নিপাত যাওঁক ধ্বনি দি বন্তি প্ৰজ্বলন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে সন্ত্ৰাসবাদক পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাই বিভিষিকাময় পৰিস্থিতিৰ যাতে অনাগত দিনত ৰাজ্যবাসীয়ে পুনৰ সন্মুখীন নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ আনহাতে সন্ধিয়া কোকৰাঝাৰ চহৰৰ মুখ্য বজাৰতো ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজে শ্ৰদ্ধাঞ্জলী জনাই বন্তি প্ৰজ্বলন কৰে৷