
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা দোতমাৰ বৰাগাড়ী গাঁৱত ১৯৫৬ চনৰ ৩১ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে এক দুখীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল বড়োসকলৰ স্বাধীকাৰ-অস্তিত্ব, ভাষা-সংস্কৃতি, ৰাজনৈতিক-অৰ্থনৈতিক নিৰাপত্তাৰ দাবীৰে পৃথক বডোলেণ্ড ৰাজ্য গঠনৰ বাবে সংগ্ৰাম কৰা ডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই৷
বড়ো জনগোষ্ঠীৰ সংগ্ৰামক তীব্ৰতৰ ৰূপ দিয়া বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ শনিবাৰে ৬২তম জন্ম দিৱস। ১৯৮৬ চনত এবছুৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছতে পৃথক বডোলেণ্ড ৰাজ্য গঠনৰ সংগ্ৰামক তীব্ৰতৰ কৰি তোলা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিনটো ২০০৬ চনৰ পৰাই এবছুৱে ছাত্ৰ দিৱস হিচাপে উদযাপন কৰি আহিছে।
বডোফাৰ ৬২ তম জন্ম দিৱস উপলক্ষে শনিবাৰে এবছুৱে দোতমাৰ থুলুংগাপুৰীৰ বডোফাৰ সমাধীথলীত দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ দিৱস উদযাপন কৰাৰ লগতে প্ৰয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। কাৰ্যসূচী অনুসৰি এবছুৰ পতাকা এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে উত্তোলন কৰাৰ পিছতেই বডোফাৰ শ্বহীদবেদীত মাল্যৰ্পন কৰে বডোফা ইউ এন বি ট্ৰাষ্টৰ সভাপতি ড০ ছুবুং মছাহাৰীয়ে।
এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে বডোফাৰ আদৰ্শক প্ৰণিপাত জনাই বডোফাৰ জন্মদিনটোক ৰাজ্যত ছাত্র দিৱস হিচাপে স্বীকৃতি দিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। উল্লেখ্য যে, বডোফা ইউ এন ব্ৰহ্মৰ জন্ম দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা এক মটৰ চাইকেল সমদল উলিওৱা হয়৷
কোকৰাঝাৰ ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰীয়ে পতাকা জোকাৰি উদ্ধোধন কৰা সমদলে ফকিৰাগ্ৰাম বজাৰ, কোকৰাঝাৰ চহৰ, বনৰগাঁৱ, ৰামফলবিল, চেৰফাংগুৰী আদিকে কৰি জিলা খনৰ বিভিন্ন ঠাই সমদল কৰাৰ পিছত পুনৰাই দোতমা উচ্চতৰ মাধ্যমিক খেল পথাৰত উপস্থিত হোৱাত সমদলৰ অন্ত পৰে ৷ বডোফাৰ জন্ম দিৱস তথা ছাত্র দিৱস উদযাপন কাৰ্যসূচীত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা ইউ পি পি এলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম আৰু এবছুৰ নেৰ্তৃবৃন্দ-কৰ্মীকে ধৰি বহু স্কুলীয়া ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।