বড়ো মাধ্যম সমস্যাৰে জৰ্জৰিত, ১২ কৃতী ছাত্ৰক এবছুৰ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

newsnextone.com | কোকৰাঝাৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰ জিলাৰ এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ নকৰিলেও জিলা খনৰ সামগ্ৰীক ভাবে ফলাফল আশাজনক নাছিল৷ কোকৰাঝাৰ জিলাৰ পৰা ৯৭৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ইয়াৰে ১১৩৫গৰাকীয়ে প্ৰথম বিভাগ, ২৫৪৫গৰাকীয়ে দ্বিতীয় আৰু ১৬৪০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ৷ মুঠ ৫৩২০ গৰাকী উত্তীৰ্ণ হয়৷ জিলা খনত ৫৪.২১ শতাংশ উত্তীৰ্ণ হয়৷ 

তাৰ মাজতে বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহ স্থান প্ৰাপ্ত ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’ প্ৰদান কৰা হ’ব বুলি এবছুই ঘোষণা কৰিছে৷ শনিবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে  এই কথা ঘোষণা কৰি অহা ৪ জুনত কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত এক আদৰণি সমাৰোহৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহটা স্থানৰ ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বটাঁ প্ৰদান কৰিব বুলি সদৰী কৰিছে৷ 

বাক্সা জিলাৰ ইউ এন একাডেমীৰ ৰাইদাও বসুমতাৰী, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুল সৌৰাংছাৰ বসুমতাৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ প্ৰয়াম কুমাৰ ব্ৰহ্ম, হাস্কা জিলাৰ ইউ এন একাডেমীৰ মুলুকমা বড়ো, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুলৰ ধনমনী ৰামছিয়াৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ ধনিষ্ঠা মুছাহাৰী আৰু মানিক বসুমতাৰী, বাক্সা জিলাৰ ইউএন একাডেমীৰ অভিজিৎ ব্ৰহ্ম, বাক্সা জিলাৰ বৰিমাখাৰ বাথৌ আশ্ৰম হাইস্কুলৰ য়ুথৰিয়াসাৰ খুংগুৰ বড়ো, নলবাৰী জিলাৰ বাথৌ আশ্ৰম হাইস্কুলৰ জম্মী নাৰ্জাৰী, শালবাৰীৰ হাতৰ্খী পঢ়াশালীৰ কৃষ্ণাজুলী বড়ো, চিৰাং জিলাৰ উলুবাৰী হাইস্কুলৰ মনজিৎ বসুমতাৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটাৰ বাবে নিৰ্বাচিত কৰে। 

সংবাদমেলত এবছুৰ শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে বড়োৱে মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সৰ্বমুঠ ১৬০৬ গৰাকীয়ে উত্তীৰ্ণ হোৱাত অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।