মাতৃৰ ঔষধ নিবলৈ আহি প্ৰাণ গ’ল অৰ্জুনৰ, কোকৰাঝাৰত ৰাইজে পথত জ্বলালে উইংগাৰ

কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ নিকটৰ চান্দামাৰী ইলাচীঝাৰ গড়কাপ্তানী পথত বৃহস্পতিবাৰে এখন যাত্ৰীবাহী উইংগাৰ উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰি ভষ্মীভূত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

জানিব পাৰ মতে, জিলাখনৰ চন্দ্ৰপাৰাৰ কুৱাবিল গাঁৱৰ লহিত মুছাহাৰীৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্র বিকাশ মুছাহাৰীয়ে (১৩) অন্ঠাইগৌলাও মিছন বিদ্যালয়ৰ পৰা নিজ ঘৰলৈ উভতি আহোতে পিছপিনৰ পৰা এএচ-০১-ডিচি-০৩৩২ নম্বৰৰ যাত্ৰীবাহী উইংগাৰ খনে ছাত্ৰজনক মহতিয়াই নিয়াৰ ফলত ছাত্ৰজন গুৰুতৰ ভাবে আহত হয়৷ 

ঘটনা সংঘটিত কৰিয়ে উইংগাৰৰ চালকগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰাত উত্তেজিত ৰাইজে যাত্ৰীসকলক নমাই বাহনখনক অগ্নিসংযোগ কৰে। মুহূৰ্ততে দাউ দাউকৈ জ্বলা জুইয়ে উইংগাৰখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। 

পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাৰ লগতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে গুৰুতৰভাৱে আহত ছাত্ৰজনক চহৰখনৰ এম আৰ এম ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ 

ইপিনে আন এক ঘটনাাত বালাজান তিনালীৰ নেয়াপাৰাত মটৰ চাইকেল দুৰ্ঘটনাত এগৰাকী যুৱক নিহত হয়। নিহত যুৱকগৰাকীক হাইজ্ৰাইগুৰীৰ অৰ্জুন শ্বাহ (২২)বুলি চিনাক্ত কৰা হৈছে। নিহত যুৱকগৰাকী মাকৰ বাবে ঔষধ লবলৈ বালাজান তিনালীলৈ আহোতেই দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোঁৱালি লয়।