
কোকৰাঝাৰঃ আমি আন আন বাতৰিৰ দৰে এই বাতৰিটোত এখন ফটো সংলগ্ন কৰিছো৷ আপোনালোকে ফটো খন নিশ্চয় প্ৰত্যক্ষ কৰিছে৷ আপোনালোকে ফটো খনত নিশ্চয় কিছুমান শব্দ প্ৰত্যক্ষ কৰিছে৷ আপোনালোকে প্ৰত্যক্ষ কৰা শব্দবোৰ পঢ়িবলৈ চেষ্টা কৰক৷ যিহেতু আপুনি আমাৰ বাতৰিটো পঢ়ি আছে৷ নিশ্চয় আপুনি অসমীয়া ভাষা পঢ়িব জানে৷ আপুনি হয়তো শব্দবোৰ পঢ়িব পৰা নাই৷
হয়, সেইখন এখন এডমিট কাৰ্ড৷ কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ে কণ কণ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা সেই এখন এডমিড কাৰ্ড৷ কণ কণ পৰীক্ষাৰ্থীক প্ৰদান কৰা এখন এডমিট কাৰ্ড এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ এডমিট কাৰ্ড খনত ব্যৱহাৰ কৰা অসমীয়া ভাষা খিনি বুজিব পাবলৈ আপুনি সমগ্ৰ বিশ্বৰ পণ্ডিতৰ ওচৰ চাপিলৈও বুজি নাপাব কোনো পণ্ডিতে৷
কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰদান কৰা এখন অদ্ভুত এডমিট কাৰ্ডে চকু কপালত উঠাইছে অভিভাৱক আৰু পৰীক্ষাৰ্থীৰ।অহা ২১ এপ্ৰিলত কোকৰাঝাৰ জিলাৰ ৰঞ্চাইধামস্থিত কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বাবে অনুষ্ঠিত হ’বলগীয়া প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰদান কৰা এডমিট কাৰ্ডখন সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
এডমিট কাৰ্ডত পৰীক্ষাৰ্থীৰ বাবে সাধাৰণ নিৰ্দেশনামা দিয়া আছে যদিও এডমিট কাৰ্ডত থকা সাধাৰণ নিৰ্দেশনামা পাঠ্যদ্ধোৰ কৰাৰ কাৰো সাধ্য নোহোৱাত বিপাঙত পৰিছে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল। জৱাহৰ নৱোদয় বিদ্যালয়ে প্ৰবৰ্তন কৰা নতুন অসমীয়া লিখনশৈলীক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কৰ্তৃপক্ষই কোনো ধৰণৰ স্পষ্টীকৰণ আগবঢ়োৱা নাই।
অভিভাৱকসকল নিজ সন্তানৰ এডমিট কাৰ্ড হাতত লৈ বিজ্ঞজনৰ কাষ চাপিছে যদিও সকলোৰে এডমিট কাৰ্ডখন দেখাৰ পিছতে চকু কপালত উঠিছে। অহা ২১ এপ্ৰিলত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰৱেশ পৰীক্ষাৰ পূৰ্বে এডমিট কাৰ্ডত উল্লেখ কৰা পৰীক্ষাৰ্থীৰ বাবে সাধাৰণ নিৰ্দেশনামা পাঠ্যদ্ধোৰ কৰিব নোৱাৰিলে পৰীক্ষাৰ্থীসকল বিপাঙত পৰাটো খাটাং আৰু সেয়েহে এতিয়া অভিভাৱকসকল মুৰ কপালে হাত দিছে।
ইপিনে একাংশ অভিভাৱকে জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই অসমীয়া ভাষাক অপমান কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰৱেশ পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীক শুদ্ধ ৰূপত এডমিট কাৰ্ডৰ যোগান ধৰিবলৈ দাবী জনাইছে।
উল্লেখ্য যে, কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ইতিপূৰ্বে ছাত্ৰ ছাত্ৰীক মাৰধৰ কৰা আৰু ৰেগিঙৰ অভিযোগত কলংক সনাৰ পিছত এইবাৰ অদ্ভুত এডমিট কাৰ্ডে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দুত থকা কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰশাসনিক খাম খেয়ালীয়ে বিদ্যালয়খনত অধ্যায়ন কৰি থকা অভিভাৱকসকলকো চিন্তিত কৰি তুলিছে৷ বিদ্যালয়খনৰ গুণগত মানদণ্ডক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
আনহাতে আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ লৰা-ধেমালী কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি অসমীয়া ভাষাক লৈ কৰা উপলুঙা, অমনোযোগিতাক সহ্য কৰা নহব বুলি সকিয়নি প্ৰদান কৰি জৱাহৰ নৱোদয় বিদ্যালয়ত অসমীয়া বিষয় প্ৰৱৰ্তন কৰিবলৈও আছুৱে দাবী উত্থাপন কৰিছে।