কোকৰাঝাৰত হিন্দীভাষী বিকাশ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন, বিটিচিৰ হিন্দীভাষীৰ উন্নয়ন কাম কৰা হ’ব

কোকৰাঝাৰঃ অখিল হিন্দীভাষী বিকাশ পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰস্থিত মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ উল্লেখ্য যে অখিল হিন্দীভাষী বিকাশ পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ৯.৩০ বজাত ভৰত শৰ্মাৰ দ্বাৰা পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্চলী অনুষ্ঠান অনুষ্ঠিত হয়৷

ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ আনহাতে দুপৰীয়া ১১ বজাৰ পৰা পিচি ঝাৰ অধ্যক্ষতাত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে অংশ গ্ৰহণ কৰি বিটিচিত বসবাস কৰা হিন্দীভাষী লোকসকলৰ উন্নয়নৰ বাবে বিটিচি কৰ্তৃপক্ষই কাম কৰি যাব বুলি কয়৷

সেয়ে সকলো হিন্দীভাষী লোকে যাতে শান্তি সম্প্ৰীতিৰে বসবাস কৰে তাৰ বাবে আহ্বান জনাইছে দনেশ্বৰ গয়াৰীয়ে৷ সভাত প্ৰাক্তন বিএলটি কল্যান পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) কমল গুপ্তা, চিকিৎসক বিবি মিশ্ৰ, কোকৰাঝাৰ কলেজৰ প্ৰৱক্তা অৰুন সিঙ আৰু অখিল হিন্দীভাষী বিকাশ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য সকলৰ উপৰি পাচঁখন জিলাৰ প্ৰতিনিধিৰ লগতে সহস্ৰাধিক হিন্দীভাষী লোকে অংশগ্ৰহণ কৰে৷