কোকৰাঝাৰত বৰদৈচিলাৰ মঞ্চত বিজু ফুকনৰ মৃত্যুত শোকসভা

কোকৰাঝাৰঃ বিশিষ্ট অভিনেতা, পৰিচালক বিজু ফুকনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগত। অমৰ পাঠক পৰিচালিত সংগ্ৰাম ছবিখনৰ যোগেদি অভিনয়ৰ পাতনি মেলা বিজু ফুকনে অসমীয়া, বঙালী আৰু বড়োকে ধৰি কমেও ৮০খন বোলছবিত অভিনয় কৰি ইতিহাস ৰচনা কৰা তথা চলচিত্ৰ জগতত অসমৰ নাম এক সন্মানীয় আসনত প্ৰতিষ্ঠা কৰা বিজু ফুকন অৱিহনে অসমৰ বোলছবি জগত কল্পনা কৰিবলৈকে টান যদিও আজি বিজু ফুকনৰ মৃত্যুৰ পিছত সেয়াই বাস্তৱ হৈ পৰিছে।

১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত জন্মগ্ৰহন কৰা বিজু ফুকনে ব্ৰজেন বৰুৱা, ওপজা সোণৰ মাটি, বৰুৱাৰ সংসাৰ, ললিতা, আজলী নবৌ, সূৰ্য্যস্নান, পিতা পুত্ৰ, পাহাৰী কন্যা, মৰম, বোৱাৰী, ঘৰ সংসাৰ আদিকে ধৰি বহু বোলছবিত অভিনয় কৰে৷ সাাংস্কৃতিক জগত চহকী কৰা বিজু ফুকনে ভ্ৰাম্যমান থিয়েটাৰ ক্ৰমে আৱাহন, ভাগ্যদেৱী, লখিমী আদিতো অভিনয় কৰি ভ্ৰাম্যমান থিয়েটাৰক এক নতুন গতি দিছিল। ইয়াৰোপৰি ভাই ভাই বোলছবিখন নিজে পৰিচালনা কৰিছিল।

বিজু ফুকনৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগত শোকস্তব্ধ হৈ থকাৰ সময়তে বুধবাৰে কোকৰাঝাৰৰ বালাগাঁৱত প্ৰদৰ্শিত হৈ থকা বৰদৈচিলা থিয়েটাৰৰ মঞ্চতো এক শোকসভা অনুষ্ঠিত কৰা হয়। কোকৰাঝাৰৰ বালাগাঁওত বৰদৈচিলা থিয়েটাৰৰ দ্বিতীয় দিনাৰ নাট প্ৰদৰ্শনীৰ পূৰ্বে অনুষ্ঠিত হোৱা শোক সভাত বিশিষ্ট অভিনেতা ক্ৰমে ভৱেশ বৰুৱা, অৰূপ বৈশ্য, কৌতুক অভিনেতা হৰেন মালাকাৰ, অভিনেত্ৰী ভ্ৰান্তি মেধি, প্ৰযোজক নজৰুল ইছলাম সহিতে বৰদৈচিলা থিয়েটাৰৰ সমুহ কলা কুশলী, অভিনেতা অভিনেত্ৰী, আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথ, কোকৰাঝাৰ খণ্ড উন্নয়ন বিষয়া মনোজ দৈমাৰী, বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ চন্দ্ৰ কোচ, বালাজান তিনালী বজাৰ কমিটিৰ সম্পাদক মুদৈ হাজোৱাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহন কৰি বিজু ফুকনৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

বৰদৈচিলা থিয়েটাৰৰ প্ৰেক্ষাগৃহ ভৰ্তি নাট্যপ্ৰেমীয়েও বিজু ফুকনৰ গভীৰ শ্ৰদ্ধা নিৱেদন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। ইপিনে বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাই বিজু ফুকনৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰি তেওঁলোকে এগৰাকী মহান অভিভাৱকক হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে। বিজু ফুকন এক চিৰসেউজ নাম আৰু বিজু ফুকনৰ আদৰ্শক সৰোগত কৰিয়ে তেওঁলোক সাংস্কৃতিকক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ প্ৰচেষ্ঠা গ্ৰহন কৰিব বুলি মন্তব্যৰে বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাই আজিৰ দিনটো ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে দুখৰ দিন বুলি পৰিগণিত হৈ ৰব বুলি মন্তব্য আগবঢ়ায়। আনহাতে বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামেও বিজু ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিজু ফুকনৰ মৃত্যু সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি মত প্ৰকাশ কৰিছে ।