কোকৰাঝাৰত গুণোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ, ভানু ছাৰে ফুৰাব চকু

কোকৰাঝাৰঃ নামণিত এতিয়া গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে অহা ১০ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱক লৈ সম্পূৰ্ণ সাজু হৈ পৰিছে কোকৰাঝাৰৰ শিক্ষা বিভাগ।

গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে কোকৰাঝাৰ শিক্ষা খণ্ডই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি।

ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক দিশটোৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি দিশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে কোকৰাঝাৰ জিলাৰ প্ৰতিখন বিদ্যলয়ে। জিলাখনৰ ১৭০০ৰো অধিক বিদ্যালয়ে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে শিক্ষাৰ প্ৰকৃত দিশটো উন্মোচিত কৰিব বুলি শিক্ষাপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে। গুণোৎসৱক লৈ ব্যাপক প্ৰস্তুতি অব্যাহত থকাৰ সময়তে আজি কোকৰাঝাৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সৌমদৌন নাৰ্জাৰীয়ে গুণোৎসৱৰ প্ৰস্তুতি বুজ লবলৈ কেবাখনো বিদ্যালয় পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত শিক্ষা বিষয়াগৰাকীয়ে আনকি ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক পাৰদৰ্শিতাও নিজে পৰীক্ষা কৰে। ইপিনে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সময়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে কোকৰাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত তিনিখন বিদ্যালয় ক্ৰমে গৌৰাং হাই স্কুল, ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয় আৰু মঞ্চৰগাঁও প্ৰাথমিক বিদ্যালয়ত পৰ্যবেক্ষকৰ ৰূপত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভানুৱে ছাৰ ৰূপে আগমনক লৈ বিদ্যালয় তিনিখনত ব্যাপক উছাহ পৰিলক্ষিত হৈছে। উল্লেখ্য যে অহা ১০ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈকে অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত কোকৰাঝাৰ জিলাই কেনে ফলাফল দাঙি ধৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হব বুলি বিৱেচিত হৈছে।