বড়োসকলৰ বাবে অতি শীঘ্ৰেই বড়ো-কছাৰী স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিশ্ৰুতি

কোকৰাঝাৰঃ পৃথক বড়োৰাজ্যৰ সলনি ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল চমুকৈ ইউ টি চি গঠনৰ কুচকাৱাজক লৈ বিভিন্ন বিতৰ্ক অব্যাাহত থকাৰ সময়তে মঙলবাৰে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউ টি চিক লৈ নিজ প্ৰতিক্ৰিয়া ব্যাক্ত কৰিছে । 

উল্লেখ্যে যে কালি নতুন দিল্লীত এন ডি এফ বি (প্ৰ), এবছুৰ নেৰ্তৃবৰ্গ, পি জে এ চি এমৰ নেতৃবৰ্গৰ সতে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হৈছিল য'ত অহা ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ'বলগীয়া এক আলোচনাৰ জৰিয়তে বড়োলেণ্ড সমস্যাৰ সমাধান কৰা হ'ব বুলি লোৱা প্ৰস্তাৱৰ সিদ্ধান্ত পাছত এবছুৱে এক প্ৰেছ বিবৃতিতৰ জৰিয়তে সদৰি কৰিছিল।

উক্ত আলোচনাৰ পাছতে সংবাদমাাধ্যমৰ আগত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে নতুন দিল্লীত অনুষ্ঠিত হোৱা আলোচনা প্ৰকৃততে এবছুৰ সতে অনুষ্ঠিত হোৱা নাছিল। উক্ত অলোচনা এন ডি এফ বিৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি সন্দৰ্ভত হে অনুষ্ঠিত হৈছিল যত এন ডি এফ বি (প্ৰগতিশীল)ৰ নেতৃবৰ্গৰ সতে এবছুকে ধৰি আন দল সংগঠনৰ নেতা উপস্থিত আছিল।

ইউ টি চি কি আৰু ক'ত ইউ টি চি বুলি মন্তব্য কৰি মহিলাৰীয়ে তেওঁ বাতৰি চোৱা নাই আৰু প্ৰয়োজনো নাই বুলি উল্লেখ কৰি অহা ডিচেম্বৰত পুনৰ এন ডি এফ বি (প্ৰ)ৰ স'তে অনুষ্ঠিত হ'বলগীয়া আলোচনা মাথো "টাইমপাছ"হে বুলি মন্তব্য কৰিছে। 

 ইয়াৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰীত বি টি চি সমবায় বিভাগৰ জৰিয়তে ১ কোটি ৮৮ লাখ ব্যায় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ছোৱালী হোষ্টেলৰ আধাৰশিলা স্থাপন কৰি কয় যে বি টি এডিৰ বাহিৰত বসবাস কৰা বড়োসকলৰ বাবে অতি শীঘ্ৰেই বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হ'ব।

অহা ২৬ নৱেম্বৰত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বি টি চি চৰকাৰৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব য'ত বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ গঠন, কোকৰাঝাৰত চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু বড়ো আন্দোলনৰ শ্বহীদৰ নিকটাত্মীয়লৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হ'ব।

উক্ত তিনিওটা বিষয় একেদিনাই ঘোষণা কৰা হ'ব বুলি মত প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে বি টি চিৰ উন্নয়নৰ ওপৰতো আলোচনা অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰিছে। 

আনহাতে পঞ্চায়ত নিৰ্বাচনত অ গ প, বি জে পিৰে মিত্ৰতা অটুট থাকিব বুলি মন্তব্য কৰি মহিলাৰীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বি পি এফ দলে বি টি এ ডিৰ বাহিৰত বি পি এফৰ প্ৰভাৱাধীন এলেকাতসমূহত নিজাববীয়া প্ৰাৰ্থী থিয় কৰোৱা হ'ব বুলি ঘোষণা কৰিছে। বিজনী, বঙাইগাঁও, গৌৰিপুৰ, ঢেকীয়াজুলী, চতিয়া, বিশ্বনাথ চাৰিআলি, গহপুৰ আদিকে ধৰি আন বিভিন্ন অঞ্চলত বি পি এফে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আৰু ইয়াৰে ৮০ শতাংশ বি পি এফ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মত প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

কোকৰাঝাৰৰ তিতাগুৰীত ছোৱালী হোষ্টেলৰ আধাৰশীলা অনুষ্ঠানত উপস্থিত থকা সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে ১ কোটি ৮৮ লাখ ব্যায় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ছোৱালী হোষ্টেলটোত কমেও ১০০ গৰাকী ছাত্ৰীয়ে থাকিবলৈ সুবিধা পাব বুলি মন্তব্য কৰি সমবায় সমিতিক গতিশীল কৰাৰ স্বাৰ্থত আন কেতবোৰ অভিলাষী আঁচনিও গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে।