পবিত্ৰ বৰদিন আহিল, কোকৰাঝাৰত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ আৰোগ্য শিবিৰ

কোকৰাঝাৰঃ পবিত্ৰ বৰদিনলৈ মাজতে মাথো কেইটামান দিন৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আনন্দিত হৈ পৰিছে৷ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আনন্দিত হৈ পৰাৰ লগতে কোকৰাঝাৰৰ তিতাগুৰীস্থিত ভৱানীপুৰ খেলপথাৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে চাৰিদিনীয়া কাৰ্যসূচীৰে খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰাৰ্থনা আৰু আৰোগ্য শিৱিৰ।

আন্তঃ খ্ৰীষ্টান সম্প্ৰদায়ৰ উদ্যোগত আৰম্ভ হোৱা প্ৰাৰ্থনা আৰু আৰোগ্য শিৱিৰত বিটিএডিৰ চাৰি জিলাৰ পৰা কমেও ২০ হাজাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লগতে আন ধৰ্মাৱলম্বীৰ লোকে প্ৰতিদিনে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে সদৰি কৰে। আৰম্ভণি কাৰ্যসূচীত ৰাজস্থানৰ ৰেভাৰেণ্ড আবেল জেকবে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। আয়োজক সমিতিৰ মুখ্য আহ্বায়ক জেমচ বসুমতাৰীয়ে সদৰি কৰা মতে প্ৰাৰ্থনা আৰু আৰোগ্যকাৰী প্ৰথাৰ দ্বাৰাই সমাজৰ সকলো শ্ৰেণী লোকৰ মাজত শান্তি আৰু ঐক্য প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্ঠা গ্ৰহণ কৰা হৈছে।