ঐক্য-সংহতি বাৰ্তাৰে কোকৰাঝাৰত বড়ো জনগোষ্ঠীয় ঐতিহ্য সন্মিলন

কোকৰাঝাৰঃ জনজাতীয় ঐক্য-সংহতি শক্তিশালী কৰাৰ লগতে আধ্যাত্মিক আৰু ঐতিহ্যমণ্ডিত জাতীয় চেতনাৰ পৰস্পৰা জাগ্ৰত কৰি তোলাৰ লক্ষ্যৰে শনিবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় বড়ো জনগোষ্ঠীয় ঐক্য সন্মিলন।

বনবন্ধু পৰিষদ আৰু শ্ৰীহৰি সৎসংগ সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বড়ো জনগোষ্ঠীয় ঐতিহ্য সন্মিলনত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামী, বনবন্ধু পৰিষদৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ অৰুণ কুমাৰ বাজাজ, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ ব্ৰহ্ম, দনেশ্বৰ গয়াৰীকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহন কৰে। 

বড়ো ঐতিহ্য সন্মিলনত উপস্থিত থাকি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামীয়ে জাতীয় আধ্যাত্মিক দৰ্শন আৰু চেতনাৰ উৎকৰ্ষ সাধন আৰু পাৰস্পৰিক মৈত্ৰীৰে সমন্বয়ৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ আহ্বান জনাই জনজাতীয় ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কোকৰাঝাৰৰ বাণিজ্য মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়ো জনগোষ্ঠীয় ঐতিহ্য সন্মিলনত বড়ো সমাজলৈ ধৰ্মান্তকৰণৰ প্ৰত্যাহ্বান আৰু পৰিবৰ্তন, ভূমি সংৰক্ষণ আৰু সামাজিক নিৰাপত্তা, বড়ো সমাজৰ পৰস্পৰাগত পৰিৱেশ সুৰক্ষা আৰু সজাগতা ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়।