কি অৱস্থাত আছে ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান!

♦ কোকৰাঝাৰত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানত প্ৰজ্বলিত নহ'ল এগছিও বন্তি ♦

ধনঞ্জয় নাথ, কোকৰাঝাৰঃ বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাই সমাজৰ প্ৰতিগৰাকী লোকৰে কথা ভাবিছিল যদিও ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ পাছতে মহান শিল্পীগৰাকীৰ মৃত্যুদিনতো কোকৰাঝাৰত এগছি বন্তি প্ৰজ্বলন নহ'ল সুধাকণ্ঠৰ নামত নিৰ্মিত 'ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান’ত। মুখ্যমন্ত্ৰী সপোনৰ প্ৰকল্প হিচাপে ঢাক-ঢোল বজাই ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডতে নিৰ্মিত হোৱা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ এনে দুখলগা দৃশ্যই গুণমুগ্ধসকলক বাৰুকৈয়ে ব্যাথিত কৰিছে।
২৫ লাখ টকা ব্যায়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া হোৱা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান এতিয়াও কোকৰাঝাৰত অৰ্ধনিৰ্মিত অৱস্থাত আছে। যি সময়ত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানত কণ কণ শিশুৰ কলৰৱৰে মুখৰিত হ’ব লাগিছিল তেনে সময়তে অতি দুৰ্ভাগ্যজনকভাৱে ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে।

মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পৰ এনে হতাশাজনক ছবিয়ে উদঙাই দিছে মানৱতাৰ জয়গান গোৱা, আজন্ম শিল্পী ভূপেন হাজৰিকাৰ প্ৰতি থকা চৰকাৰৰ দায়িত্ববোধ। চৰকাৰৰ সতে একেখন নাওৰ যাত্ৰী হোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবেই আজিও কোকৰাঝাৰত অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান। 

হাবি জংঘলে আৱৰি ধৰা, এৰাবাৰীত পৰিণত হোৱা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান সম্পূৰ্ণ কেতিয়া হ’ব বুলি আজি দোতমা খণ্ডৰ কনিষ্ঠ অভিযন্তা ধনিৰাম পাটৰক সাংবাদিকে প্ৰশ্ন কৰাত কনিষ্ঠ অভিযন্তাগৰাকীয়ে কয় যে চৰকাৰে মাত্ৰ ১০ লাখ টকাহে অনুদান দিয়াত আৰু ১০ লাখতে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাত ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ তেনে অৱস্থা হ’ল বুলি বিস্ফোৰক মন্তব্য কৰে। যদিও প্ৰথম অৱস্থাত চৰকাৰে ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ অনুদান দিয়াৰ কথা আছিল পৰবৰ্তী পৰ্যায়ত কিন্তু দোতমা খণ্ডক মাথো ১০ লাখহে অনুদান দিছে বুলি মন্তব্য কৰিছে কনিষ্ঠ অভিযন্তা ধনিৰাম পাটৰে। 

মৃত্যু তিথিতো এগছি বন্তি প্ৰজ্বলন কৰিবলৈ পাহৰি যোৱা, হাবি জংঘলেৰে গৰু-ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হোৱা ড° ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ অৱস্থা দেখি হয়তো ড° ভূপেন হাজৰিকাৰ আত্মাই নীৰৱে কান্দে। কোকৰাঝাৰত সঁচাকৈয়ে কেতিয়াবা সম্পূৰ্ণ হৈ উঠিবনে মুখ্যমন্ত্ৰী সপোনৰ প্ৰকল্প ড° ভূপেন হাজৰিকা  মুকলি মঞ্চ আৰু উদ্যান, এয়া এতিয়া লাখটকায়া প্ৰশ্ন।