♦ ভূমি পূজন-আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কোকৰাঝাৰঃ অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আন এক বলিষ্ঠ সংযোজন ঘটাই বি টি চিৰ কোকৰাঝাৰ চহৰৰ সমীপৰ বেসৰগাঁৱত দেওবাৰে চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি অনুষ্ঠান সম্পন্ন হয়৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বেসৰগাঁৱত মেডিকেল কলেজৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছতে বেসৰগাঁৱত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়৷
সভাত আদৰণি ভাষণ আগবঢ়ায় বি টি চিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকনে৷ উল্লেখ্য যে প্ৰায় ৩৮২.৬৯ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে চিকিৎসা খণ্ডত আন এক মাইলৰ খুঁটা স্থাপন কৰিব বুলি অভিহিত কৰে।
হাগ্ৰামা মহিলাৰীৰ নেৰ্তৃত্বত একালৰ অশান্তজৰ্জৰ অঞ্চলটোলৈ এতিয়া শান্তিৰ পৰিৱেশ ঘূৰি আহিছে আৰু উন্নয়নৰ দিশে ধাৱমান হৈছে বুলি উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত পুনৰ জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি অসমবাসীৰ বাবে কোনো ক্ষতিকাৰক সিদ্ধান্ত চৰকাৰে নলয় বুলি মন্তব্য কৰে। ভূমিপুত্ৰৰ সন্তান হৈ ভূমিপুত্ৰৰ বিৰুদ্ধে কোনো ক্ষতিকাৰক সিদ্ধান্ত নলয় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বসবাস কৰা সকলোৰে মাজত ঐক্য, সমন্বয় স্থাপন কৰি অসমক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
আজিৰ অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দীঘলীয়া ভাষণত আন্দোলন কৰিলেহে উন্নয়ন হয় বা আন্দোলন কৰিহে ৰাজ্যই দুই-এপদ বস্তু পাইছে বুলি ভবা ধাৰণা সম্পূৰ্ণ ভুল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে শান্তিয়ে উন্নয়ন আৰু প্ৰগতি আনে বুলি মন্তব্য কৰে।
ৰাজ্যত সম্প্ৰতি ১১ খন মেডিকেল কলেজৰ নিৰ্মাণকাৰ্যৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিখন দলং কোনো আন্দোলনৰ পৰিণতিত হোৱা নাই বুলি উল্লেখ কৰে। স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ২০১১ চনত কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন কৰাৰ বাবে পৰিকল্পনা কৰা হৈছিল আৰু ২০১২ চনত মেডিকেল কলেজৰ আৰ্হি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে সেই কাম আগ নাবাঢ়িল৷
বৰঞ্চ মেডিকেল কলেজৰ নথি-পত্ৰ শীতল ভঁৰাললৈ গতি কৰিলে৷ কিন্তু ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ লগে লগে আৰু বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ আহ্বানত পুনৰ কোকৰাঝাৰত মেডিকেল কলেজ স্থাপনৰ বাবে নিবিদা, প্ৰশাসনিক অনুমোদন, ভূমি পূজন হ'ল৷
কোকৰাঝাৰত মেডিকেল কলেজ অহা আঢ়ৈ বছৰত সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীজনে৷ ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিজৰ পুঁজিৰে কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন কৰিব বুলি মন্তব্য কৰি নিৰ্মাণ হ'বলগীয়া ৫০০ খন বিছনাযুক্ত মেডিকেল কলেজখনত প্ৰতিবছৰে ১০০ গৰাকী ছাত্ৰৰ-ছাত্ৰী পঢ়িব পাৰিব আৰু ১২০০ গৰাকী যুৱক, যুৱতীয়ে নিযুক্তি পাব বুলিও মন্তব্য কৰে৷
ৰাজ্য চৰকাৰে অসমত ১৯ খন কৰ্কট চিকিৎসালয় স্থাপন কৰাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰি ইয়াৰে কোকৰাঝাৰৰ বেসৰগাঁৱত অত্যাধুনিক ১০০ খন বিছনাযুক্ত কৰ্কট চিকিৎসালয় আৰু শিশু আৰু মাতৃৰ বাবে মাডাৰ এণ্ড চাইল্ড চিকিৎসালয় নিৰ্মাণৰ কাম অহা ১৫ দিনৰ ভিতৰত আৰম্ভ হোৱাৰ কথাও সদৰি কৰিছে শৰ্মাই৷
তদুপৰি ৰাজ্য চৰকাৰে কোকৰাঝাৰত এখন ডেন্টেল কলেজ স্থাপন কৰাৰ কাম হাতত লোৱা বুলিও উল্লেখ কৰি বৰপেটা, ধুবুৰী, যোৰহাট, তেজপুৰ, উত্তৰ লক্ষিমপুৰ, নগাঁও আৰু ডিফুত মেডিকেল কলেজৰ কাম আৰম্ভ হোৱা বুলিও দোহাৰে৷
ইয়াৰোপৰি নলবাৰী, তিনিচুকীয়া আৰু কৰিমগঞ্জতো অচিৰেই মেডিকেল কলেজৰ কাম আৰম্ভ কৰা হ'ব বুলি স্বাস্থ মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে৷
আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে নিজ বক্তব্য প্ৰদান কৰি বিধেয়কখনত অসমত নতুুনকৈ বাংলাদেশী লৈ অহাৰ কোনো উল্লেখ নাই বুলি মন্তব্য কৰে৷
ইপিনে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষণত কয় যে কেন্দ্ৰত আগন্তুক সময়ত বি জে পিৰ চৰকাৰ গঠন হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই হ'ব বুলি মন্তব্য কৰি অসমতো বি জে পিৰ চৰকাৰ হ'ব বুলি নিজ মন্তব্য প্ৰকাশ কৰে৷
অৱশ্যে অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নাজানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷
আজিৰ অনুষ্ঠানত মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম, প্ৰমিলা ৰাণী ব্ৰহ্ম, বি টি চিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ক্ৰমে ৰবিৰাম নাৰ্জাৰী, মাজেন্দ্ৰ নাৰ্জাৰী, বিধায়িকা কমলী বসুমতাৰী, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো আৰু বি টি চিৰ কাৰ্যবাহী সদস্য, এম চি এল এ কলৰ উপৰিও স্বাস্থ্য বিভাগ আৰু বিত্ত বিভাগৰ সচিব সমীৰ কুমাৰ সিনহা, গড়কাপ্তানি বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তীৰ উপৰিও বহু বিশিষ্ট ব্যক্তি আৰু কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে৷