
newsnextone.com | কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰা এলেকাত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুওৱা কোকৰাঝাৰ জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ উপ-পৰিদৰ্শক নাৰায়ণ বৰালৰ হত্যাকাণ্ডই ১৩ দিন অতিক্ৰম কৰিলে যদিও অসম আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাটো দূৰৰ কথা হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে৷
নিৰ্জু আৰু সৎ বিষয়া বুলি হিচাপে পৰিচিত নাৰায়ণ বৰালৰ হত্যাকাণ্ডৰ পিছৰে পৰা সৰলপাৰাৰ নিজ ঘৰখনত এতিয়া মাথো হিয়াভগা কান্দোন আৰু উচুপনিৰ এক শোকাকুল এক পৰিৱেশে বিৰাজ কৰি আহিছে৷ তেনে এক পৰিৱেশৰ মাজতে মঙলবাৰে নাৰায়ন বৰালৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হয়, যত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াগৰাকীৰ মৃত্যুৰ পিছত মৃতদেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নকৰাত খেদ প্ৰকাশ কৰি নাৰায়ণ বৰাল হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ বাবে প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ সতেও আলোচনা কৰিব বুলি সদৰি কৰে। ইয়াৰোপৰি নাৰায়ণ বৰালৰ পত্নীয়ে বৰালৰ অৱশিষ্ট চাকৰিকালৰ মাহিলী দৰমহা নিয়মিত ৰূপত পাব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী ব্ৰহ্মই।
আনহাতে হত্যাৰ বলি হোৱা নাৰায়ণ বৰালৰ নাৱালক পুত্ৰ জ্যোতি বৰালে ঘটনাৰ ১৩ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বুলি প্ৰশাসনলৈ প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচী দিবলৈ দাবী জনাইছে। ইপিনে সদৌ অসম গোৰ্খা ছাত্র সন্থা চমুকৈ আগছুৰ কোকৰাঝাৰ জিলা সভাপতি ৰাজু চেত্ৰীয়ে প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়া সন্তোষজনক নহয় বুলি মন্তব্যৰে শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে।
উল্লেখ্য যে, যোৱা ২ মে’ৰ বিয়লি প্ৰায় ৪-৩০ মান বজাত এনআৰচিৰ কৰ্তব্য সামৰি কোকৰাঝাৰৰ পৰা নিজগৃহলৈ উভতাৰ পথতে নাৰায়ণ বৰাল সৰলপাৰা বনাঞ্চলত হত্যাৰ বলি হৈছিল।হত্যাকাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল যদিও আজিলৈকে হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাটো জিলা আৰক্ষী প্ৰশাসনৰ ব্যৰ্থ হোৱা বুলি বিভিন্ন দল-সংগঠনৰ নেতা আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।