মডেল বিটিচিত উটুৱাই নিলে কাঠৰ দলং, কোকৰাঝাৰৰ মদাতীত হাহাকাৰ

newsnextone.com | পৰ্বতঝোৰাঃ বিটিএডিত সৰ্ব প্ৰকাৰৰ উন্নয়নৰ শ্ল’গান বিপিএফৰ নেতা-বিটিচিৰ মুখ্য কাৰ্যহাবী, কাৰ্যবাহী আৰু সাধাৰণ সদস্যই দি আহিছে৷ খোদ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিটিচিক মডেল বিটিচিলৈ উন্নত হোৱা বুলি দাবী কৰি আহিছে৷ কিন্তু এই খন বিটিচিত আজিও ৰাস্তা-ঘাটৰ বাবে মানুহে বিপদত পৰিব লগা হয়৷ বহু ৰাস্তা-ঘাট আজিও নিৰ্মাণ নকৰাৰ ফলত ৰাইজে যাতায়াতত যাতনা ভোগ কৰিব লগা হৈছে৷

আজিও বিটিচিত আছে বহু কাঠৰ দলং৷ হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে সংবাদ মাধ্যম, সভা সমিতিয়ে বিটিচিৰ উন্নয়ন হোৱা বুলি কৈ অহা কথাষাৰ প্ৰকৃত স্বৰূপটো এই দলং সমূহে উদঙাই দি আহিছে৷ মডেল বিটিচিৰ নগ্ন স্বৰূপটো উদঙালে কোকৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মদাতীৰ এখন কাঠৰ দলঙে৷ বছৰ বছৰ ধৰি মেৰামতি নকৰা কাঠৰ দলংখন দুদিন পূৰ্বে নৈৰ পানীয়ে উটুৱাই নিয়ে৷ 

এজাক বৰষুণত পানীৰ সোঁতে কাঠৰ দলং খন উটুৱাই নিয়াত কেইবাখনো গাঁৱৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মদাতী ভিচিডিচিৰ দেবত্তৰ খোপাতি প্ৰথম খণ্ডৰ শান্তিপুৰত শিলাই নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলং খন নিশা উটুৱাই নিয়ে৷

কাঠৰ দলং খন উটুৱাই নিয়াৰ ফলত বৃহত্তৰ মদাতী অঞ্চলৰ কেইবাখনো গাঁৱৰ লোকে বহিঃৰাজ্যৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ দলং খন উটুৱাই নিয়াৰ পিছতো প্ৰশাসনৰ লোকে খবৰ নোলোৱাত ৰাইজে ক্ষোভিত হৈ পৰিছে৷ ৰাইজে শীঘ্ৰে দলং খন উটুৱাই নিয়া ঠাইত বিকল্প ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনক৷

মদাতীৰ ৰাইজে বিটিএডিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বাট-পথৰ অৱস্থা বেয়া বুলি কয়৷ বিশেষকৈ বিটিচিৰ সদৰ কোকৰাঝাৰ জিলাৰ মদাতী, দেবীতোলা, ৰূপসী, মহামায়া, জলাবিলা আদি ভিচিডিচিৰ বাটপথৰ অৱস্থা তেনেই তথৈবচ বুলি কয় একাংশ লোকে৷ সংখ্যালঘু অধ্যুষিত এলেকাৰ ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণ কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক দাবী জনাইছে ৰাইজে৷