
কোকৰাঝাৰঃ ম্যানমাৰৰ পৰা অসমত প্ৰবেশ কৰিছে ১৭ সন্ত্ৰাসবাদী৷ কুটাঘাটৰ বাবে প্ৰবেশ কৰিছে NDFB(S)ৰ ১৭ সদস্য প্ৰবেশ কৰিছে উদ্দেশ্যে হৈছে কূটাঘাত সংঘটিত কৰা৷ অসম আৰক্ষীয়ে বিটিএডিৰ গোৰেশ্বৰত আটক কৰা এজন NDFB(S)ৰ এগৰাকী সদস্যই এই বিস্ফোৰক স্বীকাৰোক্তি দিয়ে৷ যোৱা ০৫ ডিচেম্বৰত গোৰেশ্বৰৰ পৰা বঙালীপাৰা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছত তালচী চলাই আটক কৰা সদস্যজন ৰতন নাৰ্জাৰী(২৯)৷
বিদেশৰ মাটিত অত্যাধুনিক মাৰণাস্ত্ৰৰে প্ৰশিক্ষণ লৈ নতুনকৈ সদস্যভুক্ত কেডাৰে অসমৰ প্ৰবেশ কৰাৰ কথা প্ৰকাশ কৰে ৰতনে। ১৭ জনীয়া প্ৰশিক্ষণপ্ৰাপ্ত এনডিএফবি কেডাৰে ম্যানমাৰৰ পৰা আহি অসমত আশ্ৰয় লৈছিল বুলি প্ৰকাশ কৰে। চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল বাক্সা জিলাৰ গোৰেশ্বৰত আটকাধীন যুৱক ৰতন নাৰ্জাৰীয়ে। তাৰ পিছৰে পৰা সেনা-আৰক্ষীয়ে তীব্ৰ অভিযান চলাই এনডিএফবিৰ দলটোক জালত পেলাবলৈ৷
তাৰ মাজতে ১৩ ডিচেম্বৰত সেনা আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এন ডি এফ বিৰ ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী নিহত হয়৷ সেনা-আৰক্ষীৰে সংঘৰ্ষত ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী নিহত হোৱাৰ লগতে এনডিএফবিৰ এজন সদস্য গুলীবিদ্ধ অৱস্থাত পলায়ণ কৰিছিল৷ পলায়ণ কৰা সদস্যজনক সেনা-আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ ডুমবজাৰ-ৰাঙাপাৰাৰ পৰা অভিযান চলাই মাৰ্টিয়াছ নাৰ্জাৰী ওৰফে এন মাউতিক আটক কৰিবলৈ সক্ষম হয়৷
আন আন সদস্যসকল কোকৰাঝাৰ, চিৰাং, গোসাঁইগাঁও আৰু শোণিতপুৰত আশ্ৰয় লৈ আছে বুলি বিস্ফোৰক ভাষ্য প্ৰদান কৰে গোসাঁইগাঁৱৰ ভাৰত-ভূটান সীমান্তবৰ্তী ধুমবজাৰ এলেকাত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈ গুলীবিদ্ধ হোৱা এনডিএফবি(স)ৰ সদস্য মাৰ্টিয়াছ নাৰ্জাৰী ওৰফে এন মাউথিয়ে(২৪)। উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভুটান সীমান্তৰ ধুমবজাৰত যোৱা ১৩ ডিচেম্বৰৰ নিশা আৰক্ষী আৰু এনডিএফবি(স)ৰ মাজত এক সংঘৰ্ষ হৈছিল।
উক্ত সংঘৰ্ষত এনডিএফবিৰ (স)ৰ ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰীৰ মৃত্যু হোৱাৰ লগতে আন এজন এনডিএফবি (স)ৰ সদস্য গুলীবিদ্ধ হৈছিল। গুলীবিদ্ধ সদস্যজনৰ সন্ধান বিচাৰি সীমান্তবৰ্তী এলেকাত তীব্ৰ যৌথ অভিযান অব্যাহত ৰখাৰ সময়তে আজি গুলীবিদ্ধ মাৰ্টিয়াছ নাৰ্জাৰীক আহত অৱস্থাত নিৰাপত্তাৰক্ষীয়ে অক্সিগুৰী এলেকাৰ পৰা কৰায়ত্ব কৰে বুলি আজি এক বিবৃতিত সদৰি কৰিছে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে। আহত সদস্যজনৰ জিন্মাৰ পৰা নিৰাপত্তাৰক্ষীয়ে এটা ৯এমএম পিষ্টল, এটা মেগজিন আৰু পাঁচজাই সজীৱ গুলী জব্দ কৰিছে।
আহত এনডিএফবি(স)ৰ সদস্যজনক নিৰাপত্তাৰক্ষীয়ে ততাতিয়াকৈ গোসাঁইগাঁওৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আঘাত গুৰুতৰ হোৱাৰ প্ৰতি লক্ষ্য কৰি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে । আনহাতে আহত মাৰ্টিয়াছ নাৰ্জাৰীয়ে চিকিৎসালয়ত সংবাদমাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি যোৱা ১৩ ডিচেম্বৰৰ নিশা নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষৰ সময়ত এনডিএফবি(স)ৰ ছয় গৰাকী সদস্যই অংশগ্ৰহন কৰিছিল।
ছয় বছৰ পূৰ্বে এনডিএফবি(স)ত যোগদান কৰা মাৰ্টিয়াছ নাৰ্জাৰী কিছুদিন পূৰ্বেহে আন সদস্যসকলৰ সতে ম্যানমাৰৰ পৰা নামি আহিছিল। ৰাজ্যত কুটাঘাতমুলক কাৰ্য সংঘটিত কৰা তথা সাংগঠনিক কামকাজ কৰিবলৈকে ম্যানমাৰৰ পৰা মুঠ ১৭ গৰাকী এনডিএফবিৰ সদস্যই কোকৰাঝাৰ, চিৰাং, গোসাঁইগাঁও আৰু শোণিতপুৰত বাহৰ পাতি থকাৰ বিস্ফোৰক তথ্যও সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে গুলীবিদ্ধ মাউথিয়ে। গুলীবিদ্ধ মাউথিৰ এনে স্বীকাৰোক্তিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু কোকৰাঝাৰ আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।