কোকৰাঝাৰত সদৰ আৰক্ষী থানাত থাকিব পাৰে আপোনাৰ চুৰি হোৱা বাইকখন

newsnextone.com | কোকৰাঝাৰঃ আপোনাৰ মটৰ চাইকেল হেৰাইছে নেকি? চুৰি হৈছিল নেকি আপোনাৰ মটৰচাইকেল? মটৰ চাইকেলখন ঘূৰাই পোৱাৰ আশা বাদ দিছে? ৰব, এবাৰ কোকৰাঝাৰ সদৰ থানাত খবৰ কৰকচোন। কিজানি কোকৰাঝাৰ সদৰ থানাত ৰদে বৰষুণে পৰি থাকি নষ্ট হবলৈ ধৰা ২৭ৰো অধিক মটৰচাইকেলৰ ভিতৰত আপোনাৰ মটৰচাইকেল খনো আছেই! কি ঠিক?? থাকিবওতো পাৰে। 

কোকৰাঝাৰৰ স্মাৰ্ট আৰক্ষীয়ে বিভিন্ন সময়ত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গৰাকীয়ে উপযুক্ত নথি প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবেই আৰু একাংশ দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল জব্দ কৰি গোচৰ ৰজু কৰিছিল। গোচৰসমূহ শেহতীয়াভাৱে নিষ্পত্তি হৈছে। ৰদে বৰষুণে পৰি থকা মটৰচাইকেল সমূহৰ প্ৰকৃতগৰাকীয়ে এতিয়া উপযুক্ত নথি পত্ৰ দাখিল কৰি থানাৰ পৰা নিজৰ নিজৰ মটৰচাইকেল মোকলাই নিব পাৰিব।

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে প্ৰকাশ কৰা মতে, কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে সময়ে সময়ে মটৰ চাইকেলৰ গৰাকীয়ে উপযুক্ত নথি প্ৰদৰ্শন কৰিব নোৱাৰা তথা দুৰ্ঘটনাত পতিত হোৱা আৰু আন কেতবোৰ কাৰণত মটৰচাইকেলসমূহ জব্দ কৰিছিল। দুৰ্ঘটনাকে ধৰি ভিন ভিন গোচৰত বছৰ বছৰ ধৰি থানাত আৱদ্ধ হৈ থকা ২৭ৰো অধিক মটৰ চাইকেলৰ গোচৰ শেহতীয়াভাৱে নিষ্পত্তি হৈছে আৰু সেয়েহে মটৰচাইকেলৰ প্ৰকৃতগৰাকীক উপযুক্ত নথি পত্ৰ দাখিল কৰি থানাৰ পৰা নিজ নিজ মটৰ চাইকেল মোকলাই লবলৈ আহ্বান জনাইছে ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে। 

নিদিষ্ট সময়ৰ ভিতৰত কোকৰাঝাৰ সদৰ থানাত আৱদ্ধ হৈ থকা মটৰচাইকেলৰ প্ৰকৃতগৰাকীয়ে বৈধ নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে আইন অনুসাৰে নিলামৰ ব্যৱস্থা কৰা হ’ব বুলিও সদৰি কৰিছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। লক্ষণীয় যে আৰক্ষীয়ে জব্দ কৰা ২৭ৰো অধিক মটৰ চাইকেলৰ ভিতৰত অধিকাংশ মটৰচাইকেলে হ'ল বাজাজ পালছাৰ।