কোকৰাঝাৰত হাগ্ৰামাৰ পতাকা উত্তোলন, আলফা-এনডিএফবি আলোচনাৰ মেজলৈ আহক

কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিএডিৰ সদৰ কোকৰাঝাৰত উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়৷ পুৱা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড তথা অভিবাদন গ্ৰহণ কৰে৷ পতাকা উত্তোলন কৰি ৰাইজক উদ্দেশ্যে দিয়া ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়ন মুলক আঁচনিৰ লগতে অনাগত দিনত চৰকাৰে গ্ৰহণ কৰিবলগীয়া আঁচনিৰ বিষয়ে হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে৷

আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷ কোকৰাঝাৰত জিলা প্ৰশাসনৰ উদ্যোগত উলাহ-মালহেৰে উদযাপন কৰা ৬৯তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি হাগ্ৰামা মহিলাৰীয়ে সংবিধানে সকলোকে সমান অধিকাৰ দিছে বুলি মন্তব্য কৰি সেয়েহে গণতন্ত্ৰত ৰাইজেই ৰজা বুলি মত প্ৰকাশ কৰে।

তদুপৰি মহিলাৰীয়ে নিজ ভাষণত বিটিচি সংবিধানৰ অধীনতে গঠন হোৱা আৰু সেয়েহে ইয়াত সকলোৰে সম অধিকাৰ আৰু সম উন্নয়ন হৈছে বুলি মত প্ৰকাশ কৰে। হত্যা-হিংসাই কোনো সমস্যাৰ সমাধান নহয় বুলি মন্তব্যৰে আলফা, এনডিএফবিক সংবিধানৰ আওঁতাত আলোচনালৈ অহাৰ আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। ঐক্যই একতা আৰু শান্তি আনে বুলি মত প্ৰকাশ কৰিছে মহিলাৰীয়ে।

হাগ্ৰামা মহিলাৰীয়ে আৰক্ষী, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহন কৰে। তদুপৰি গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও গ্ৰহন কৰা হয়। ইপিনে তিনিচুকীয়া জিলাৰ জাগুন আৰু লিডুত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাক বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কঠোৰ ভাষাৰে নিন্দা কৰে। হত্যা-হিংসাৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয় বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰৰ সতে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ পোষকতা কৰিছে৷ সকলো বিদ্ৰোহী সংগঠনসমূহক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে।