
কোকৰাঝাৰঃ চৰকাৰ খনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰে বাৰে শূন্য সহনশীলতাৰ তথা কৈ অহাৰ পিছতো ৰাজ্যত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি দল-সংগঠনে তদন্তৰ দাবীত প্ৰতিবাদ কৰিব লগা হৈছে৷ একাংশ বিষয়াই আজিও ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷
কিন্তু তাৰ মাজতে ৰাজ্যৰ প্ৰশাসনত ব্যতিক্ৰম বিষয়া নথকাও নহয়৷ বিটিএডিত খিলঞ্জীয়া লোকৰ ভূমিৰ নামজাৰী আৰু ভূমি সংক্ৰান্তীয় বিভাগীয় কাম কাজত অযথা হাৰাশাস্তি হোৱা বুলি বিভিন্ন সময়ত দল, সংগঠনে গুৰুতৰ অভিযোগ উত্থাপিত কৰাৰ সময়ছোৱাতে কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত এক ব্যতিক্ৰমী পৰিৱেশ পৰিলক্ষিত হৈছে৷
সচৰাচৰ একাংশ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সম্প্ৰতি দালালৰ ৰম্যভূমিত পৰিণত হৈছে যদিও ইয়াৰ বিপৰীতে কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয় প্ৰায় দালাল আৰু দূৰ্নীতিমুক্ত পৰিৱেশে বিৰাজ কৰিছে। কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰ বিপৰীতে প্ৰৱেশদ্বাৰতে 'মে আই হেল্প ইউ' নামৰে সহায়ক কেন্দ্ৰ খুলি ৰাইজক সহায় কৰিবলৈ সদাপ্ৰস্তুত হৈ ৰৈ থাকে চতুৰ্থ বৰ্গৰ দুজনকৈ কৰ্মচাৰী৷
কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মনৰ সুপৰিচালনাত চৰকাৰী কাৰ্যালয়ত এনে ব্যতিক্ৰমী পদক্ষেপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি এনআৰচি ব্যস্ততাৰ মাজতো প্ৰতি দেওবাৰে গাঁৱে-ভূঞে ৰাজহ আদালত পাতি ৰাজহ সংগ্ৰহ আৰু ভূমি সংক্ৰান্তীয় সমস্যা সমাধানত গুৰুত্ব দি অহা কোকৰাঝাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ে ২০১৭-১৮ বিত্তীয় বৰ্ষত সৰ্বমুঠ ৮৬ লাখ ৰাজহ সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰিছে।
তদুপৰি কেইমাহমানৰ ভিতৰতে কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিভাগীয় কামকাজ সম্পূৰ্ণ অনলাইন হ’ব বুলিও মন্তব্য কৰিছে ৰাজহ বিষয়া দ্বীপন বৰ্মনে। যি সময়ত ৰাজ্যৰ একাংশ কাৰ্যালয়ৰ পৰ্বতসম দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ প্ৰচাৰ হৈ আহিছে তেনে সময়তে কোকৰাঝাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ দালালমুক্ত আৰু দুৰ্নীতিমুক্ত পৰিৱেশে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।