লাফিকুল হত্যাকাণ্ড, কোকৰাঝাৰত চিবিআইৰ দল, ৰৌ-বৰালী জালত পৰিব-এবিএমছু

কোকৰাঝাৰঃ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টিকাৰী এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই তিনিমাহ অতিক্ৰম কৰাৰ পিছত বুধবাৰে হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ কোকৰাঝাৰত উপস্থিত হয় চিবিআইৰ এটি চাৰিজনীয়া দল। চিবিআইৰ দলটো কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে ভাগে ভাগে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। চিবিআইৰ তদন্তাকাৰীৰ দলটোৰ দুগৰাকী সদস্যই কোকৰাঝাৰ সদৰ থানাত উপস্থিত হৈ আৰক্ষীয়ে ইতিপূৰ্বে জব্দ কৰা আপত্তিজনক নথিসমুহ পৰীক্ষা কৰি কৰে।

আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰ শস্ত্ৰকে ধৰি আন যাৱতীয় নথি পত্ৰ চিবিআইৰ দলটোৱে পুংখানুপুংখভাৱে পৰীক্ষা কৰে যদিও চিবিআইৰ দলটো কোনো ধৰণৰ বক্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিবলৈ সন্মত নহল। উল্লেখ্য যে যোৱা ১ আগষ্টৰ দিনাখন কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দিন দুপৰতে মটৰচাইকেলত অহা দুৰ্ষ্কৃতিকাৰীয়ে ১২ জাঁই গুলীৰে শুন্য দূৰত্বৰ পৰা লাফিকুলক হত্যা কৰিছিল।

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক দিন দুপৰতে গুলীয়াই হত্যা কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত এবিএমছুৰ উদ্যোগত ৰাজ্যজুৰি আন্দোলন আৰম্ভ হৈছিল। এনেকি দিনদেয়ক পূৰ্বে এবিএমছুৱে লাফিকুল হত্যাকাণ্ডৰ গোচৰ চিবিআই লৈ হস্তান্তৰকৰণৰ দাবীত ছালাকাটিত ৰে'ল অৱৰোধ কৰিবলৈ প্ৰচেষ্টা কৰোতেই আৰক্ষীৰ সতে এক সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছিল।  এবিএমছুৰ উদ্যোগত কেবাটাও সংগঠনে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ প্ৰতিবাদত জনাই তথা চিবিআই তদন্তৰ দাবী উত্থাপনেৰে আৰম্ভ কৰা আন্দোলনে তিনিমাহ অতিক্ৰম কৰাৰ পিছত কোকৰাঝাৰত লাফিকুল হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰিবলৈ কোকৰাঝাৰত চিবিআইৰ দল উপস্থিত হোৱাত আন্দোলনকাৰীসকল সন্তোষ প্ৰকাশ কৰিছে।

লাফিকুল হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰিবলৈ কোকৰাঝাৰত চিবিআইৰ চাৰিজনীয়া দল উপস্থিত হোৱাত এবিএমছুৰ নেৰ্তৃবৰ্গ সন্তাষ প্ৰকাশ কৰি সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সন্দৰ্ভত এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামে চিবিআইৰ তদন্তক আদৰণি জনাই চিবিআইৰ তদন্তৰ দ্বাৰাই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সতে জড়িত থকা ৰৌ বৰালীবোৰ জালত পৰিব বুলি আশা প্ৰকাশ কৰে। তদন্ত নিৰপেক্ষ হোৱাৰ লগতে ৰাজনৈতিক ছত্ৰছায়াৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত হব বুলি আশা প্ৰকাশ কৰি এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামে চিবিআইৰ তদন্তৰ দ্বাৰা তেওঁলোক ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।