
newsnextone.com | কোকৰাঝাৰঃ মানুহৰ কৰ্মকাণ্ডই আকৌ এবাৰ লজ্জানত কৰিলে সভ্য সমাজখনক৷ এইবাৰ নিজ কন্যাৰ সৈতে সংঘটিত অমানবীয় কাণ্ডক সহজেই লব নোৱাৰি এগৰাকী পিতৃয়ে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিটিএডিৰ কোকৰাঝাৰ জিলাত৷ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বগুলাউৰা গাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক একে গাঁৱৰে সকিম আলিৰ পুত্ৰ আজিজুৰ শ্বেখে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতেই বৃহস্পতিবাৰে ধৰ্ষিতা ছাত্ৰীগৰাকীৰ পিতৃয়ে গ্লানি-মুখলজ্জাত চিপ লৈ আত্মহত্যা কৰাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে।
ধৰ্ষণৰ বলি হোৱা ছাত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ পথত গাঁওখনৰে আজিজুৰ শ্বেখ (২০)নামৰ লম্পট যুৱকজনে গাড়ীত উঠাই নিয়ে। প্ৰথমে লম্পট যুৱকজনে পাহাৰীয়া অঞ্চল কৈমাৰী লৈ নি ধৰ্ষণ কৰে৷ তাৰ পিছতো কিশোৰীক আৱদ্ধ কৰি ৰাখে৷ পুনৰ বিলাসীপাৰাৰ হাজাৰীপাৰা অঞ্চললৈ নিয়ে ছাত্ৰীগৰাকীক৷ ততা পুনৰ ধৰ্ষণ কৰে৷ নিশা ধৰ্ষিতা ছাত্ৰীগৰাকীয়ে লম্পট যুৱকজনৰ কৱলৰ পৰা মুক্ত হৈ স্বগৃহত আহি উপস্থিত হয় আৰু সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে।
কন্যাৰ এনে দুৰৱস্থা আৰু দুঃসংবাদত পৰিয়ালৰ সদস্যসকল মৰ্মাহত হৈ পৰে আৰু ধৰ্ষিতাৰ পিতৃয়ে লাজ অপমান সহ্য কৰিব নোৱাৰি বৃহস্পতিবাৰে সমীপৰ টিলা এটাৰ গছ এডালত চিপ লৈ আত্মহত্যা কৰে। আনহাতে কোকৰাঝাৰ সদৰ আৰক্ষী থানাত দিয়া এজাহাৰত এজাহাৰকাৰীয়ে ধৰ্ষিতাৰ পিতৃক অভিযুক্তই ভয়-ভাবুকি দিয়া বুলিও উল্লেখ কৰিছে। ভয়-ভাবুকিৰ পৰিণতিতে ধৰ্ষিতাৰ পিতৃয়ে চিপ লোৱা বুলিও এজাহাৰত উল্লেখ কৰি দোষীৰ কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে এজাহাৰকাৰী কুতুবউদ্দিন শ্বেখে।
ইপিনে ঘটনাৰ খবৰ লাভ কৰিয়ে কোকৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ধৰ্ষণকাৰী আজিজুৰ শ্বেখ সম্প্ৰতি পলাতক অৱস্থাত আছে। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ পৰিণতিতে সামাজিক মুখলজ্জা, গ্লানি আৰু ভয়ত পিতৃয়ে কৰা আত্মহত্যা আৰু ধৰ্ষণ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ পোষকতা কৰিছে কোকৰাঝাৰ জিলা এবিএমছুৰ কাৰ্যকাৰী সভাপতি নজৰুল ইছলামে।