কটহগুৰি সমবায় সমিতিত চলিছে শ্বহিদুল ৰাজ, গোপনে অনুষ্ঠিত কৰিব নিৰ্বাচন

নগাঁওঃ অনিয়মে এতিয়া নিয়মত পৰিণত হৈছে একাংশ লোকৰ বাবে৷ একাংশ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাইজৰ মতক উপেক্ষা কৰি নিজ মইমতালিৰে কাম কৰি অহাৰ অভিযোগ নতুন কথা নহয়৷

এইবাৰ জনমতৰ বিপৰীতে এগৰাকী লোকে নিজ ইচ্ছামতে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি সমবায় সমিতি চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

কটহগুৰি সমবায় সমিতিৰ সভাপতি শ্বহিদুল ইছলামে চূড়ান্ত মইমতালিয়ে ৰাইজক অতিষ্ঠ কৰি তুলিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ 

বিগত সময়ছোৱাত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈ অহা সভাপতিজনে পুনৰবাৰ ক্ষমতাত থকাৰ লোভত এতিয়া গোপনে কুট-কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ৰাইজৰ অভিযোগ মতে, বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল উকলি যোৱাত নতুন সমিতি গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল৷ জানিব পৰে মতে, নিৰ্বাচনত পুনৰ সভাপতি হোৱাৰ মানসেৰে ক্ষমতালোভী লোকজন উঠিপৰি লাগিছে আৰু নিৰ্বাচিন অনুষ্ঠিত কৰা নাই৷ য

এই মৰ্মে তেওঁ কেইজনমান নিজৰ পচন্দৰ লোকক লৈ সমিতিখন গঠনৰ বাবে চূড়ান্ত অনিয়মৰ আশ্ৰয় লৈছে৷ কিয়নো অহা ৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সমবায়খনৰ নিৰ্বাচনৰ সন্দৰ্ভত কোনো নীতি-নিয়ম মানি চলা নাই সভাপতিজনে৷ 

আশ্চৰ্যজনক ভাবে সমবায় খনৰ অংশীদাৰসকলৰ কথাটো বাদেই খোদ সমবায়খনৰ সম্পাদকেও নাজানে সমবায়ৰ নিৰ্বাচনৰ কথা। সমবায় খনৰ সম্পাদকে দিয়া এক লিখিত অভিযোগ অনুসৰি, কটহগুৰি সমবায় সমিতিৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে সমাগত নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্ৰ দাখিলৰ অন্তিম দিন অহা ২৯ মাৰ্চ ধাৰ্য কৰা হৈছে যদিও এই বিষয়ে আজিকোপতি কোনো ৰাজহুৱা জাননী জাৰি কৰা হোৱা নাই৷ 

প্ৰকৃততে নিৰ্বাচনৰ বিষয়ে সবিশেষ জনাই সমবায়ৰ কাৰ্যালয়ত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ জাননী জাৰি কৰাৰ লগতে মাইক যোগে ঘোষণা কৰিব লাগে৷ কিন্তু সভাপতিজনে চৰম মইমতালিৰে গোপনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ মানসেৰে এই বিষয়ে অংশীদাৰ ৰাইজক জ্ঞাত কৰা নাই৷ 

তাৎপৰ্যপূৰ্ণ বিষয় এই যে, যোৱা ২৩ মাৰ্চৰ নিশা ১০ বজাত চতুৰ সভাপতি জনে মাইক যোগে কেৱল টুকটুকী এলেকাত অহা ৮ এপ্ৰিলত সমবায়ৰ সাধাৰণ সভা আহ্বান কৰা বুলিহে কৌশলেৰে প্ৰচাৰ কাৰ্য চলাই যদিও সমবায়ৰ নিৰ্বাচনো যে সেইদিনাই অনুষ্ঠিত হ’ব তাক ঘোষণা কৰাৰ পৰা বিৰত থাকে। 

সভাপতিজনৰ এনে কাৰ্যত ক্ষোভিত হৈ ইতিমধ্যে যোৱা দেওঁবাৰে স্থানীয় ৰাইজ তথা একাংশ অংশীদাৰে সমবায় খনৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি কটহগুৰি সমবায় সমিতিৰ সাধাৰণ সভা আৰু নিৰ্বাচন বাতিল কৰাৰ বাবে শতাধিক ৰাইজৰ স্বাক্ষৰিত পত্ৰ নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰিছিল৷

কাজেই এই ঘটনাই এতিয়া সমগ্ৰ কটহগুৰি অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ ৰাইজক অন্ধকাৰত ৰাখি গোপনে নিৰ্বাচন অনুষ্ঠিত কৰি সমিতিখন নিজৰ দখলত ৰখাৰ বাবে সভাপতিজন ষড়যন্ত্ৰত লিপ্ত হৈছে তাক প্ৰতিহত কৰাৰ লগতে বিভাগীয় নীতি-নিয়মৰ মাজেৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্তক দাবী জনাই ৰাইজে৷