উজনীত অব্যাহত আছে চোৰাং কয়লাৰ ব্যৱসায়, আৰক্ষীৰ জালত পৰিল কয়লা ভৰ্ত্তী ট্ৰাক

newsnextone.com | কাকপথাৰঃ উজনি অসমত বৃদ্ধি পাইছে কাঠ, কয়লা আদিৰ অবৈধ ব্যৱসায়৷ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচল, নাগালেণ্ড আদিৰ পৰা গোপনে  এচাম নেতা-মন্ত্ৰীৰ চত্ৰছায়াত চলি থকা এই অবৈধ ব্যৱসায়ৰ বিষয়ে বন বিভাগ তথা কয়লা মন্ত্ৰালয়ে জানিও চকুমুদা কুলিৰ ভাও জুৰি থকা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷

,তিনিচুকীয়া জিলাৰ কাকপথাৰত অৰুণাচলৰ পৰা চোৰাং ভাৱে কঢি়য়াই অনা আৰজে জিবি ৪৩৮৬ নম্বৰৰ এখন কয়লা ভৰ্ত্তী ট্ৰাক বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ পৰা কাকপথাৰ হৈ ৫২ নং আৰু ধলা দিশেৰে ৩৭ নং ৰাষ্টীয় ঘাই পথেৰে এইদৰে সৰবৰাহ হয় চোৰাং কয়লাৰ অবৈধ বেহা৷ 

আনহাতে, চোৰাং কয়লা গাড়ীৰ পৰা ১ লাখ টকা কমিছন বিচাৰি আৰক্ষীৰ জালত পৰে শদিয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ সম্পাদক সূৰুজ বড়া আৰু এজন সহযোগী৷ ইফালে কয়লাৰ অবৈধ ব্যৱসায়ৰ লগত এগৰাকী বিজেপি নেতা জড়িত থকা বুলি স্পষ্ট হোৱাৰ পিছতো আৰক্ষীয়ে কোনো ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ 

কয়লা ব্যৱসায়ৰ লগত জড়িত বিজেপি যুৱ মৰ্চা শদিয়া মণ্ডলৰ সভাপতি বলিন হাতিবৰুৱাৰ ওপৰত ৰজাঘৰীয়াৰ কৃপা দৃষ্টিৰ বাবেই আৰক্ষী প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷