কাৰাটেৰ অসম দলত ডিব্ৰুগড়ৰ ৬গৰাকী খেলুৱৈই

ডিব্ৰুগড়ঃ অসম কাৰাটে সন্থাই কাৰাটেৰ অসম দল শুকুৰবাৰে ঘোষণা কৰে৷ প্ৰতিযোগিতালৈ অসম দল ঘোষণা৷ ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লগা অসম দল শুকুৰবাৰে ঘোষণা৷ অসম কাৰাটে সন্থাই ঘোষণা কৰা অসম দলটোত ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ ৬গৰাকীকৈ কাৰাটে খেলুৱৈ নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰে জিলা খনৰ ক্ৰীড়া প্ৰেমীয়ে৷

ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেণ ফুকনে জানিবলৈ দিয়া মতে, হৰিপ্ৰিয়া দিহিঙ্গীয়া, কুঞ্জদ্বীপ চমুৱা, নিলান্ত চমুৱা, জঙ্গমদ্বীপ ফুকন, চাণক্য বৰগোহাঁই আৰু ৰিম্পী বৰগোহাঁইয়ে অসম দলত নিৰ্বাচিত হয়৷ ২৫-৩০ ডিচেম্বৰলৈ ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব। জানিব পৰা মতে, খেলুৱৈ কেইগৰাকী টেঙাখাট আৰু চাবুৱা কাৰাটে একাডেমিৰ নিয়মীয়া খেলুৱৈ।