বৃহত্তৰ হাতীচোং মৌজাৰ ডেৰ কুৰিৰো অধিক স্থানত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত

নগাঁওঃ  বছৰ বছৰ ধৰি ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰি অহা নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ ঐতিহাসিক ৰাস মহোৎসৱে পূৰ্বৰে পৰা সৰ্বস্তৰৰ ৰাইজৰ বিশেষ সমাদৰ লাভ কৰি আহিছে৷ শৰতৰ অতি বিতোপন পূৰ্ণিমাৰ নিশা চল্লিশ দশকৰ পৰা পৰম্পৰাগতভাৱে মৌজাটোৰ বিভিন্ন স্থানত মহা ধুম-ধামেৰে অনুষ্ঠিত কৰি অহা ৰাসলীলা চাবলৈ নগাঁও আৰু মৰিগাঁও জিলাৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ জনতাই ৰাসথলীসমূহ একপ্ৰকাৰ সমন্বয় ক্ষেত্ৰত পৰিণত কৰি তোলে৷

ঘাইকৈ ওলহ-মালহেৰে এই ৰাস মহোৎসৱবোৰত প্ৰদৰ্শিত হোৱা ছোৱালীৰ মনোমোহা ৰাসে আজিৰ তাৰিখতো দৰ্শকক আকৰ্ষিত কৰি আহিছে৷ স্মৰ্তব্য যে, শ্ৰীকৃষ্ণৰ জন্মৰ পৰা পুতনা বধ, লৱনু চোৰ, কংস বধ, কালীয় দমন আদিকে ধৰি কৃষ্ণলীলাবোৰ কণ কণ শিশুৰ দ্বাৰা আৰু শংখচূড় বধ পৰ্যন্ত ৰাসলীলাসমূহ যুৱতীৰ দ্বাৰা কেৱল সুসৰ্জ্জিত মঞ্চত মনোমোহা নৃত্য-গীতেৰে পৰিবেশন কৰা 'কেলীগোপাল' অংকীয়া নাটখন চাবলৈ জনতাৰ লানি নিচিগা সোঁত বয়৷ ইয়াৰ ভিতৰত বিশেষ কাৰিকৰি কৌশলেৰে প্ৰদৰ্শন কৰা 'কালীয় দমন'ৰ আকৰ্ষণীয় দৃশ্যটিয়ে দৰ্শকৰ মাজত ব্যাপক আলোড়নৰ সৃষ্টি কৰি আহিছে৷

কোৱা বাহুল্য মাথোন, সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি চলি থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে গঞাৰাইজক একপ্ৰকাৰে ম্ৰিয়মান কৰি ৰাখিলেও বৃহত্তৰ হাতীচোং মৌজাবাসী ৰাইজে পূৰ্বৰ পৰম্পৰা, ৰীতি-নীতি তথা অসমীয়া কৃষ্টি-সংস্কৃতি ৰক্ষাৰ্থে এইবেলিও পৃথকে পৃথকে ৰাস মহোৎসৱভাগ নানা কাৰ্যসূচীৰে উদযাপনৰ নিমিত্তে চলোৱা প্ৰস্তুতি বৰ্তমান তুংগত উঠিছে৷

ৰাসথলীবোৰ উদ্যোক্তা সমিতিসমূহে আকৰ্ষণীয়ৰূপত সজাই-পৰাই তোলাৰ বিপৰীতে বিগত এপষেক ধৰি দিনে-নিশাই মৌজাটোৰ প্ৰান্তে প্ৰান্তে গঞাৰাইজে সীমাহীন ব্যস্ততাৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ নিমিত্তে পুৰাদ্দমে উঠি-পৰি লাগিছে৷ এইবাৰ মৌজাটোৰ চকলাঘাট, মাজগাঁও, ৰাইদঙীয়া, নসত্ৰ, আইভেটী, কৰচুং, শিমলুতল, কাকমাৰী, নমাটি, জাজৰিৰ পাঘালী, বেলতল, কুজিদাঁহ, কমাৰচুক, মেধীচুক, কলবাৰী, জামুগুৰি, ৰজাগাঁও, উলুবাৰী, বৰচিলা, গা-খজুৱা, কহুৱাতলি, কুৰুৱাবাহী, শেতালী, পুখুৰীপাৰ আদিকে ধৰি ডেৰ কুৰিৰো অধিক স্থানত ৰাস মহোৎসৱভাগ অহা ৩ নৱেম্বৰৰ পৰা নানা মনোগ্ৰাহী কাৰ্যসূচীৰে উদযাপিত হ’ব৷

উক্ত ৰাস মহোৎসৱসমূহত পৃথকে পৃথকে যুৱক, যুৱতী আৰু বিবাহিত মহিলাৰ দ্বাৰা অভিনীত ৰাসলীলাৰ উপৰি অসমীয়া ভাওনা, নাটক, পালা ভাওনা, যাত্ৰা, নৃত্যানুষ্ঠানকে প্ৰমুখ্য কৰি নানা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰ দিহা কৰিছে উদ্যোক্তাসকলে৷