
newsnextone.com মৰিয়নীঃ শনিবাৰে কৃষক মুক্তিৰ মৰিয়নী সমিতিয়ে মৰিয়নীস্থিত নকচাৰী আদৰ্শ চিকিৎসালয়খন ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি চিকিৎসক তথা পৰ্যাপ্ত চিকিৎসাসেৱা নথকাৰ অভিযোগতে কৃ ষক মুক্তিয়ে চিকিৎসালয়খন ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৰ্দশ চিকিৎসালয়খনত চিকিৎসক নথকাত অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভুগি আহিছে। ৰাইজৰ অভিযোগ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ চিকিৎসালয়খনত ৬জন চিকিৎসকৰ বিপৰীতে আছে মাত্ৰ ৩জন চিকিৎসক। আনহাতে, চিকিৎসকসকলৰ অনিয়মীয়া উপস্থিতিৰ বাবেই ৰাইজে চিকিৎসা সেৱা বিচাৰি হাবাথুৰি খাব লগা হয়।
উল্লেখনীয় কথাটো হ’ল, এইখন চিকিৎসালয়ত মৰিয়নী সমষ্টিৰ বিধায়কে আজি কিছু দিনৰ আগতে ৰাইজ আৰু সংবাদকৰ্মীৰ আঠু লৈ ক্ষমা প্ৰাৰ্থনা মাগিবলৈ বাধ্য হয়৷ সেই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱা পাছতো চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ গা নলৰিল৷ সততে বাতৰিৰ শিৰোনাম দখল কৰা এই চিকিৎসালয়খন থাকিও ৰাইজৰ কোনো সুবিধা হোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷