
খেৰণিঃ কাৰ্বি জনগোষ্ঠীৰ জাতীয় সংগঠন কাৰ্বি ছাত্ৰ সন্থাৰ শুকুবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ চালনাত অনুষ্ঠিত হোৱা ৪৫ সংখ্যক অধিৱেশনৰ দেওবাৰে সামৰণি পৰে৷
৷ শনিবাৰে সংগঠনটোৰ সভাপতি বিজয় বেয়ে পতাকা উত্তোলন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মণিৰাম টকবিৰ নেতৃত্বত শ্বহীদ ছাত্ৰনেতা-কৰ্মীক সুঁৱৰি বন্তি প্ৰজ্জ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীয়ে।
দেওবাৰে অন্তিমটো দিনত মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং উপস্থিত থাকে৷
সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি তুলিৰাম ৰংহাঙে সংগঠনটোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। অনাগত দিনত ছাত্ৰ সংগঠনটোৱো কাৰ্বি আংলঙত গঠনমূলক কাম-কাজ, উন্নয়ন আৰু বিকাশ সাধনত সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।
আনহাতে, কাৰ্বি আংলঙৰ জনতাই দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী পূৰণৰ ক্ষেত্ৰত আৰু ৰাজ্য লাভ কৰাৰ ক্ষেত্ৰত প্রতিটো ৰাজনৈতিক-অৰাজনৈতিক দল অথবা সংগঠনৰ লগতে কাৰ্বি ছাত্ৰ সন্থাক দায়িত্ব সহকাৰে আগভাগ লৈ সহায় আগবঢ়াই যাবলৈ আহ্বান জনায় ৰংহাঙে।
ছাত্ৰসংগঠনৰ ভূমিকা আৰু অৱদানৰ সহায়তহে আমি আমাৰ স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ বুলি এখোজ হলেও আগুৱাই যাব পাৰিম বুলি উল্লেখ কৰে তুলিৰাম ৰংহাঙে।
সভাত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে', পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, প্ৰভাত টাৰ', কাৰ্বি কলচাৰেল চছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰৰ লগতে বিভিন্ন দল-সংগঠনৰ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে মুকলি সভাত।
কাৰ্যসূচীৰ প্রথমটো দিনত পাহাৰীয়া জিলাখনত থকা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিটো আঞ্চলিক, শাখা সমিতিৰ সভাপতি-সম্পাদক, প্ৰতিনিধিক আদৰণি জনাই ৰাইজে৷