কুজুপথাৰত পুনৰ সেনাৰ অভিযান, মানুহৰ ঘৰত উদ্ধাৰ বোমা

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ তিনিচুকীয়া জিলাত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ 

দিনে-নিশাই সেনা-চিআৰপিএফ আৰু আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে জিলা খনত৷ যোৱা দুদিন ধৰি সংঘৰ্ষ সংঘটিত হোৱা কুজুপথাৰত জনগণে আতংকৰে দিন পাৰ কৰিছে৷ 

সেনা আৰক্ষীয়ে ঘেৰি ৰখা কুজুপথাৰত মানুহ এতিয়া ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে৷ নিৰীহ লোক সেনা-আৰক্ষী নতুবা আলফাৰ গুলিক ভয় কৰি ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে৷ মুঠৰ ওপৰত আতংকত দিন পাৰ কৰি কুজুপথাৰবাসীয়ে৷ 

তাৰ মাজতে কুজুপথাৰত সেনা-আৰক্ষীয়ে অভিযান চলাই এঘৰ লোকৰ ঘৰত বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কুজুপথাৰ গাঁৱৰ কলীয়া বড়া নামৰ লোকজনৰ ঘৰত সেনা-আৰক্ষীয়ে ৩টা বোমা উদ্ধাৰ কৰা বুলি জানিব পৰা যায়৷

সেনাৰ বৃহৎ দলে দেওবাৰে পুৱাৰে পৰা পুনৰ কুজুপথাৰ গাঁও ঘেৰি লৈ অভিযান চলাই৷ যাৰ ফলত আতংকিত হৈ পৰে জনসাধৰণ৷ প্ৰতিটো পৰিয়ালত তালাচী চলাবলৈ আৰম্ভ কৰাত কলীয়া বড়া নামৰ লোকজনৰ ঘৰত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোমা কেইটা৷ সেনাৰ বিশেষজ্ঞই বোমা কেইটা নিষ্ক্ৰিয় কৰাৰ লগতে কেইবাগৰাকী লোকক সোধপোছ অব্যাহত ৰাখিছে৷

উল্লেখ্য যে, ৪ মে'ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজুপথাৰ গাঁৱৰ বাবু ধন বৰা নামৰ লোকজনৰ ঘৰত আলফাৰ দল প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। খবৰৰ ভিত্তিত যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷ 

আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগিছিল৷