প্ৰখ্যাত সাংবাদিক কুলদীপ নায়াৰ আৰু নাই ...

newsnextone.com ।। ডিজিটেল ডেস্কঃ সাংবাদিকতাৰ ক্ষেত্ৰখনক উকা কৰি প্ৰখ্যাত সাংবাদিক কুলদীপ নায়াৰ আৰু নাই ৷ বহু সাংবাদিক আৰু সম্পাদকৰ পথ প্ৰদৰ্শক, লেখক, মানৱাধিকাৰ কৰ্মী নায়াৰৰ মৃত্যু সাংবাদিকতাৰ জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ অসম আন্দোলনৰ সময়ত অসমলৈ আহি সাংবাদিকতা কৰা সকলৰ অন্যতম আছিল তেওঁ ৷ তেওঁৰ লেখা 'প্ৰান্তিক'ত নিয়মিত প্ৰকাশ পাইছিল ৷