
আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিত বুধবাৰে উপ-কোষাগাৰ উদ্ধোধন কৰে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই৷ বুধবাৰে পৰিৱৰ্তনৰ নতুন দিশত আমগুৰি এখোজ আগবাঢ়িল৷ বিত্ত বিভাগৰ অনুমোদন মৰ্মে ৰাজ্যত স্থাপন হ’ব লগা মুঠ ২৮ কোষাগাৰৰ ভিতৰত বাক্সা জিলাৰ পিছতে ৰাজ্যৰ দ্বিতীয়টো তথা উজনি অসমৰ প্ৰথমটো উপ-কোষাগাৰ মুকলি কৰা হয় শিৱসাগৰ জিলাৰ আমগুৰিত। প্ৰায় ২৮শ কৰ্মচাৰী উপকৃত হোৱাকৈ আমগুৰিত স্থাপন কৰা উপ-কোষাগাৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই।
১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰা উপ-কোষাগাৰৰ দ্বাৰ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, কোষাগাৰ আৰু হিচাপ সঞ্চালকালয়ৰ সঞ্চালক বিদ্যুৎ ডেকাৰজা, শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ন কোঁৱৰকে আদি কৰি প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি। উপ-কোষাগাৰৰ উদ্ধোধন আমগুৰিবাসী ৰাইজৰ বহু প্ৰত্যাশিত, আমগুৰিক মহকুমালৈ ৰূপান্তৰ হোৱাৰ পথ প্ৰশস্ত কৰিছে বুলি বক্তব্য আগবঢ়ায় জিলা উপাযুক্ত নাৰায়ন কোঁৱৰে৷
আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰিত স্থাপন হ'ব লগা সৌৰ শক্তি প্ৰকল্পৰ কাম অতি কম দিনৰ ভিতৰতে আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অসমৰ মাটি নাগালেণ্ড চৰকাৰক কেতিয়াও দিয়া নহয় বুলি জনোৱাৰ লগতে অসম-নাগালেণ্ড সীমা সমস্যাৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই সম্প্ৰতি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য আগবঢ়ায়৷