মালিকৰ গুলীত আহত শ্ৰমিক, মালিকৰ পলায়ণ

গুৱাহাটীঃ মালিকৰ বৰ্বৰ অত্যাচাৰত কপি উঠিল অসম৷ মালিকৰ অত্যাচাৰৰ ছবিখনে ৰাজ্যত আকৌ এবাৰ চাহ শ্ৰমিকৰ ওপৰত মালিকে কৰা শোষণ আৰু বঞ্চনাৰ কথা স্পষ্ট হয়৷ প্ৰতিবাদ কৰিবলৈ গৈ মালিকৰ গুলীত দুৰ্ভগীয়া শ্ৰমিক গুৰুতৰ ভাবে আহত হয়৷

গোলাঘাট জিলাৰ বগীঢলা চাহ বাগিচাত শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য দাবী উত্থাপন কৰিবলৈ গৈ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে শ্ৰমিকসকল উত্তেজিত হৈ পৰাত মালিকপক্ষই তেওলোকৰ ব্যক্তিগত পিষ্টলৰে ধাৰাষাৰ গুলীবৰ্ষণ কৰাত ১৫জনকৈ শ্ৰমিক আহত হয়৷ লগে লগে সমগ্ৰ বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰে আৰু শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলে৷

শ্ৰমিকৰ উত্তাল প্ৰতিবাদৰ মাজতে আৰক্ষী নিৰাপত্তাৰ মাজেৰে মালিক সুধীৰ ৰয় আৰু সমীৰ ৰয়ক ঘটনাস্থলীৰ পৰা আতৰাই নিয়া হয়৷ এই ঘটনাৰ তীব্ৰ নিন্দাকৰে চাহ-শ্ৰমিক সন্থাৰ লগতে আটছাই৷ শ্ৰমিকৰ তেজ শুহি খোৱা মদগৰ্বী মালিকৰ এনে কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিয়ে৷ এই ঘটনাৰ প্ৰতিবাদত আজিও বাগিচাখনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে৷ আহত শ্ৰমিক সকলক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷