
ৰঙিয়াঃ একাংশ যুৱকে হাতে হাতে কোৰ লৈ ওলাই আহিছে ৰাজ পথলৈ৷ তেওলোকে পথাৰত আলি দিবলৈ সদল বলে ওলাই অহা নাই৷ তেওলোকে ওলাই আহিছে পথ মেৰামতি কৰিবলৈ৷ শ্ৰমদান কৰি তেওলোকে পথ মেৰামতি কৰে৷ কামৰূপৰ ৰঙিয়াৰ তাৰাকুছি যুৱক সংঘৰ উদ্যোগত একাংশ যুৱকে শুকুৰবাৰে শ্ৰমদান কৰি পথ মেৰামতি কৰে৷
চৰকাৰৰ আশা এৰি যুৱকসকলে হাতে হাতে কোৰ লৈ পুৱাই ওলাই আহি গ্ৰাম্য পথ মেৰামতি কৰে৷ ৰঙিয়া চহৰৰ সমীপৰ তাৰাকুছিত একাংশ যুৱকে পথ মেৰামতি কৰে ৷ উক্ত পথটোৰে অঞ্চলটোৰ প্ৰায় ১৭ খনতকৈ অধিক গাঁৱৰ লোকে প্ৰতিদিনে আহ-যাহ কৰে৷
চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীয়ে এজাক বৰষুণতে আহ-যাহ কৰিব নোৱাৰা হয়৷ পথটো ৰাইজে দীৰ্ঘদিনধৰি মেৰামতি কৰাৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত অৱশেষত স্থানীয় যুৱকসকৱলে হাতে হাতে কোৰ লৈ ওলাই আহে পথটো মেৰামতি কৰে৷ একাংশ যুৱকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্থানীয় বিধায়কে পথটো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷ দীৰ্ঘ দিনধৰি মেৰামতি নকৰাত পথটো জহি খহি যায়৷