
কলিয়াবৰঃ অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ জন্ম-জয়ন্তী অৰ্থাৎ লাচিত দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলিয়াবৰত শুকুৰবাৰে এশৰো অধিক বৃক্ষ ৰোপন কৰে৷ কলিয়াবৰ শাখা আৰু নলতলি ধৰমপুৰ শাখাৰ উদ্যোগত অনুস্থিত হয় এই লাচিত দিৱসৰ ।
পৰিবেশ সজাগতাৰ বাবে ‘গছ থাকিলেহে মানুহ থাকিব’ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি নলতলিৰ পৰা আমবাগান সংযোগী পথৰ কাষে কাষে ১০০ ৰো অধিক গছপুলি ৰুৱে। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোককে ধৰি বহুতো লোকে অংশগ্ৰহণ কৰে।
যন্ত্ৰণা পিড়ীত সমাজত গছে নিৰাময় তথা প্ৰশান্তি প্ৰদান কৰে, সেই উদ্দেশ্যে লাচিত দিৱসৰ এই পবিত্ৰ ক্ষণটিত বৃক্ষৰোপন কাৰ্য্যসূচী হাতত ৰাখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ শাখাই।