
নামতিঃ অসম আৰু অসমীয়াৰ হকে যুজ দি অসমক ৰক্ষা কৰা দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিত বৰফুকনক শিৱসগাৰ জিলাত শ্ৰদ্ধাঞ্জলি যাচে দল-সংগঠনে৷ সদৌ তাই আহোম ছাত্র সন্থাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিয়ে লাচিত দিৱস উদযাপন কৰে। নামতি খেজুৰিতলৰ ন-পুখুৰী পাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে নুপুৰ নেওগে।
বিশিষ্ট সমাজকর্মী নৃপেন গগৈয়ে বন্তি প্রজ্বলন কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক টাইপাই ঘোষণা কৰা ২০১৭ বৰ্ষৰ "লাচিত বঁটা" মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰাত অভিনন্দন যাচে৷ উজনি অসম সংস্কৰণৰ যোৰহাটৰ পৰা প্রকাশিত জনপ্রিয় এখন দৈনিক বাতৰি কাকতে মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে এটা বাক্যও প্রকাশ নকৰা কার্যক তীব্র ভাষাৰে গৰিহণা দিয়ে। তেও জয়ন্ত বৰুৱাক বঁটা দিয়াৰ বাবেই বাতৰি প্ৰকাশ নকৰা বুলি ক্ষোভ ব্যক্ত কৰে।
সমাজকর্মী নৃপেন গগৈয়ে জয়ন্ত বৰুৱাক এই বঁটা প্ৰদান কৰাত ক্ষোভিত হৈ বাতৰি কাকতে এনে নীচ কাম কৰিছে। শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত, উপদেষ্টা প্রদীপ দত্ত, ২০১৫ বর্ষৰ বিহুৰাণী উর্মিমালা দুৱৰা, আটাছুৰ শিৱসাগৰ জিলাৰ সাংগাঠনিক সম্পাদক অখিল আহোম, বৰুৱা পুখুৰী আঞ্চলিকৰ সভাপতি বিশ্বজিৎ আৰন্ধৰা, সাংবাদিক জিয়াৰুদ্দিন আহমেদ, অচিন্ত্য বৰঠাকুৰ, ৰূপম বৰবৰা, নীলাক্ষি মেমৰিয়েল একাডমিৰ অধ্যক্ষ ধর্মৰঞ্জন গগৈ, বন বিষয়া গিৰীণ গগৈ, সমাজকর্মী নয়নমণি গগৈ, নৱআৰন্ধৰা, সদানন্দ গগৈ উপস্থিত থাকে অনুষ্ঠানত৷