লাচিত উদ্যানৰ কদৰ্য ৰূপ, শিৱসাগৰ জিলা প্ৰশাসনে অপমান কৰিছে বীৰগৰাকীক

দিচাংমুখঃ আহোম-মোগলৰ যুদ্ধ তথা শৰাইঘাটৰ ৰণৰ কথা আহিলেই আগস্থান লাভ কৰে লাচিত বৰফুকনৰ কথাই৷ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে প্ৰথমে লাচিত বৰফুকন আৰু আহোম-মোগলৰ যুদ্ধৰ কথাই ওলাই পৰিব৷ মোগলক ধৰাশয়ী কৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিছিল এই যুদ্ধত৷ এই যুদ্ধ আছিল অসমীয়া জাতিৰ বাবে অগ্নিপৰীক্ষা৷ লাচিতৰ নেতৃত্বত এই যুদ্ধ জয়ী হৈছিল তাহানিৰ অসমীয়াই৷

১৬৭১ চনৰ এই যুদ্ধত মোগল সাম্ৰাজ্য আৰু আহোমৰ মাজত হৈছিল৷ নেতৃত্ব লৈছিল লাচিত বৰফুকনে। লাচিতৰ বুদ্ধিৰ সন্মুখত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। অসমৰ ইতিহাসত দেশপ্ৰেম, সাহস, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক বুলি কলে লাচিত বৰফুকনৰ কথা মনলৈ আহে৷ আহোম মোগলৰ যুদ্ধৰ হোতা অসমক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰা লাচিত বৰফুকনক উপয়ুক্ত সন্মান চৰকাৰ তথা উপুক্ত সন্মান দিছে নাই সেই কথা কবলৈ নাযাও৷

কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে লাচিতক৷ শিৱসাগৰ জিলাৰ মাজ-মজিয়াত লাচিত বৰফুকনৰ স্মৃতিত স্থাপন কৰা লাচিত উদ্যানৰ পৰিবেশে বীৰ গৰাকীক অপমান কৰি আহিছে৷ উদ্যান খনৰ চৌদিশে কাগজৰ টুকুৰা, চিপছৰ পেকেট, চিগাৰেটৰ পেকেট পৰি থকাৰ লগতে বহিবলৈ থকা ঠাই সমূহো লেতেৰা হৈ থকাত বীৰ গৰাকীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে৷

শিৱসাগৰ জিলা প্ৰশাসন আৰু দল-সংগঠন গভীৰ নিদ্ৰাত থকা বুলি অভিযোগ উত্থাপন হয়৷ উদ্যানৰ কদৰ্য ৰূপে পূৰ্ব পুৰুষৰ স্মৃতিক অসন্মান কৰাত সচেতন নাগৰিকে ক্ষোভ ব্যক্ত কৰে৷ পূৰ্বপুৰুষৰ স্মৃতি চকুৰ সন্মুখতে ধ্বংসৰ দিশে গতি কৰা কাৰ্যক ৬০০ বছৰীয়া আহোমৰ সোণালী ইতিহাসক উপলুঙা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অসমীয়াৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? অসমৰ ঐতিহাসিক চহৰ বুলি ক'লেই প্ৰথমতে সকলোৰে মনলৈ আহে শিৱসাগৰৰ নামটো৷

শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাই বৰ বৰ পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাখনত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। এই এতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

অসমৰ ঐতিহাসিক চহৰ বুলিলেই প্ৰথমে মনলৈ আহে শিৱসাগৰৰ নামটো৷ আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত চহৰ শিৱসাগৰ৷ স্বৰ্গদেও ৰুদ্ৰসিংহ, ভাতৃ শিৱসিংহ, কুঁৱৰী ফুলমতীৰ ইতিহাস আজিও ৰোমন্থন হৈ আছে এই চহৰত৷ আহোম ৰাজত্ব কালত প্ৰশাসনৰ কেন্দ্ৰ ঐতিহাসিক ৰংপুৰ তথা বৰ্তমানৰ শিৱসাগৰ বৃটিছসকলৰো আপোন আছিল৷

চহৰখনৰ মোহত ডুব গৈ বৃটিছেও শিৱসাগৰতে চলাইছিল প্ৰশাসনিক কাম-কাজ। চহৰখনৰ ওচৰতে থকা প্ৰতাপী গদাধৰ সিংহই নিৰ্মাণ কৰা ধোদৰ আলি, শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।

আহোম ৰাজত্বৰ এইবোৰ সমল দৰ্শন কৰিবলৈ ৰাজ্যখনৰ দেশৰ তথা বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটক চহৰখনলৈ আহে৷ আহোম ৰাজত্বৰ কালৰ সমলসমূহ চাবলৈ আহি পৰ্যটকসকলে হোটেলত থকাৰ পৰা খোৱা লোৱা, বজাৰ-সমাৰ  সকলো এই চহৰখনতে কৰে৷ কিন্তু পৰ্যটকক এনে পৰিবেশত আদৰণী জনোৱা কাৰ্য লজ্জাৰ বিষয়৷