লাফিকুল কাণ্ডঃ অনিৰ্দিষ্টকালীন বন্ধ ঘোষণাৰ হুংকাৰ এবিএমছুৰ

কোকৰাঝাৰঃ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দুমাহ উকলি যোৱাৰ পিছতো হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ হৈ উঠিছে ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দ ৷ আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এবিএমছুুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম শ্বেখে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অহা ১১ অক্টোবৰৰ ভিতৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে ছাত্ৰ সংগঠনটোৱে অনিৰ্দিষ্টকালীন বিটিএডি আৰু অসম বন্ধ ঘোষণা কৰিব ৷

বিটিএডি অঞ্চলৰ সৰ্বসাধাৰণ লোকৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে বুলি অভিযোগ কৰি আলি আজম শ্বেখে অসম চৰকাৰৰ গৃহ বিভাগ এইক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে৷ তদুপৰি ছাত্ৰ নেতাগৰাকীয়ে এছ আই টিৰ তদন্তক ভেকোভাওনা আখ্যা দি লাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে৷ 

কোকৰাঝাৰ প্ৰেছ ক্লাৱত আজি বিয়লি অনুষ্ঠিত হোৱা সংবাদমেলত এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিয়ে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰালৈকে সংগঠনটোৱে ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিয়ে। তেওঁ ঘটনাটোৰ সৈতে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং জড়িত থকা বুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰি জনোৱা সত্বেও কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক গৰাকীক কিয় বদলি কৰা নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে৷

নেতাগৰাকীয়ে কয় যে অহা ৯ অক্টোবৰত এবিএমছুৰ এক কাৰ্যকৰী সভা অনষ্ঠিত হব আৰু উক্ত সভাতে সংগঠনটোৱে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে ৷ শাৰদীয় দূৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনটোৱে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছিল বুলি সদৰি কৰি ছাত্ৰ নেতা মইনুদ্দিন আলীয়ে বিটিএডিত অবৈধ মাৰণাস্ত্ৰ মজুত থকা বুলিও অভিযোগ উত্থাপন কৰিছে ৷ অসম চৰকাৰক অতিশীঘ্ৰে বিটিএডিত মজুত থকা অবৈধ মাৰনাস্ত্ৰ জব্দ কৰিবলৈও দাবী জনাইছে এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিয়ে ৷

ইপিনে আজিৰ সংবাদমেলত এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডটোৰ সৈতে চৰকাৰৰ হাত থকা বুলি এক বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে ৷ এছ আই টিয়ে লাফিকুল হত্যাকাণ্ড তদন্তত বৰ্তমানলৈকে সাত গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও একো তথ্যই ৰাজহুৱা নকৰিলে বুলি অভিযোগ উত্থাপনেৰে তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা কৰিবলৈ দাবী জনাইছে জাইদুল ইছলামে ৷ আজিৰ সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ আন কেবাগৰাকী নেতাও উপস্থিত আছিল ৷