
newsnextone.com | লখিমপুৰঃ সোপাধাৰাৰ সন্দেহত দুই নিৰীহ যুৱকক এদল দস্যু লোকে হত্যাৰ কৰাৰ ঘটনাই সমগ্ৰ দেশত প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ৰাজ্যত পুনৰ সোপাধৰাৰ সন্দেহত নিৰীহ লোকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷
সোপাধৰাৰ ভুৱা প্ৰচাৰ আৰু দুই যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সোপাধৰাৰ সন্দেহত এইবাৰ আক্ৰমণৰ বলি হয় ৩জন নিৰীহ লোক৷ সোপাধৰাৰ সন্দেহত লখিমপুৰত আক্ৰমণৰ বলি হয় ৩জন নিৰীহ লোক৷ লখিমপুৰৰ নাওবৈচাৰ বৰছলাত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে আৰক্ষীয়ে গণ প্ৰহাৰৰ পৰা ৰক্ষা কৰিছে বৰপেটা জিলাৰ জহৰ উদ্দিন, আব্দুল আজিজ আৰু আব্দুল হক নামৰ লোক তিনিজনক৷
জানিব পৰা মতে, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোক তিনি জনক কোনো চক্ৰই স্বৰ্ণ দিম বুলি ফোনযোগে মাতি আনিছিল লখিমপুৰলৈ৷ বুধবাৰে লোককেইজনে বৰপেটাৰ পৰা ৰেলযোগে লখিমপুৰলৈ আহে৷ লোককেইজনক জালনোট আৰু স্বৰ্ণ দিয়াৰ প্ৰলোভন দিছিল৷
ইয়াৰ পিছতে চক্ৰটোৱে লোক তিনিজনক এক নিৰ্দিষ্ট স্থানলৈ লৈ যায় আৰু লগত অনা ৫০ হেজাৰ টকা লুটি নিয়ে৷ লোক তিনিজনে হাতৰ ধন হেৰুৱাই খোজকাঢ়ি আহি থকা অৱস্থাতে নাওবৈচাৰ বৰছলাৰ লতামাৰীত একাংশই লোক তিনিজনক সোপাধৰা বুলি সন্দেহ কৰে৷
ইয়াৰ পিছতে ওলাই আহে শ-শ লোক৷ চৌদিশে সোপাধৰা ধৰা বুলি খবৰ প্ৰচাৰ হোৱাত একাংশ উত্তজিত লোকে লোক তিনিজনক আক্ৰমণ কৰে৷ ইমানে নহয় এইবাৰ মোবাইল ফোন আৰু লগত থকা টকা কেইটাও কাঢ়ি নিয়ে৷ এই খবৰ লাভ কৰাৰ পিছতে নাওবৈচা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গণ ৰোষৰ পৰা লোক তিনিজনক উদ্ধাৰ কৰে৷
এই ঘটনাই এতিয়া সমগ্ৰ জিলা খনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দীৰ্ঘদিনে লখিমপুৰৰ একাংশ অঞ্চলত চলি থকা জালনোট আৰু নকল স্বৰ্ণৰ ব্যৱসায় চক্ৰ এটাই সাধাৰণ লোকক লুটপাত কৰি অহাৰ পিছতো আৰক্ষী-প্ৰশাসনে চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হোৱা নাই৷ জালনোট আৰু ভেজাল স্বৰ্ণৰ বেপাৰী চক্ৰই ফোনযোগে বৰপেটাৰ তিনিজন লোকক স্বৰ্ণ দিম বুলি লখিমপুৰলৈ মাতি আনিছিল বুলি সন্দেহ কৰা হৈছে৷