বান বিধ্বস্ত লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে হৃত্বিক, কল্পজ্যোতি, বিদাৰ্ষণে

facebook
facebook

newsnextone.com | লখিমপুৰঃ সমস্যা বহুল বান ক্ষতিগ্ৰস্ত লখিমপুৰ জিলাৰ তিনিছাত্ৰই জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে সুস্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে৷ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰে৷ হৃত্বিক শ্যাম শইকীয়া, বিদাৰ্ষণ দত্ত আৰু কল্পজ্যোতি গগৈয়ে দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷

লখিমপুৰ জিলাৰ ছেইণ্ট মাৰিয়াছ হাই স্কুলৰ পৰীক্ষাৰ্থী হৃত্বিক শ্যাম শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি চতুৰ্থ স্থান দখল কৰে৷ হৃত্বিক শ্যাম শইকীয়াই ৫৯০ নম্বৰ লাভ কৰে৷ 

লখিমপুৰ জিলাৰ আনএগৰাকী ছাত্ৰ ছেইণ্ট মেৰী হাই স্কুলৰ বিদাৰ্ষণ দত্তই প্ৰথম দহগৰাকীৰ ভিতৰত পঞ্চ স্থান দখল কৰে৷ বিদাৰ্ষণ দত্তই মুঠ ৫৮৯ নম্ব লাঙ কৰে৷ আনহাতে লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰৰ নেশ্বনেল একাডেমীৰ ছাত্ৰ কল্পজ্যোতি গগৈয়ে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়৷ কল্পজ্যোতি গগৈয়ে যথেষ্ট কষ্টৰে অধ্যয়ন কৰি ৫৮৮ নম্বৰ লাভ কৰি এই স্থান দখল কৰে৷ 

তিনিও ছাত্ৰই জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ সাধনা আৰু অত্যাধিক পৰিশ্ৰমৰ বলত শুকুৰবাৰে ঘোষিত ইইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত স্থান দখল কৰি লখিমপুৰ উজলাই তোলে৷