নাওবৈচাত গণ ধৰ্ষণ, পথত পেলাই থৈ গ'ল ১৪ বছৰীয়া কিশোৰীক

লখিমপুৰঃ ৰাজ্যত ইটো ধৰ্ষণ কাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই সিটো ধৰ্ষণ কাণ্ড সংঘটিত হ’ব ধৰিছে৷ ৰাজ্যত এইবাৰ গণ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ লখিমপুৰৰ নাওবৈচাত এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

ৰাজ্যত পুনৰ লজ্জাজনক কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নাওবৈচাৰ শিঙৰা নৈৰ মথাউৰিৰ কাষত সংঘটিত হৈছে এই ঘটনা৷ 

৫ গৰাকী লোকে ১৪ বছৰীয়া কিশোৰীক গণ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ধৰ্ষণ কাণ্ড সংঘটিত কৰি অচেতন অৱস্থাত পথৰ দাতিত থৈ যায় কিশোৰীকগৰাকীক৷ সংকটজনক অৱস্থাত কিশোৰীগৰাকী উদ্ধাৰ হয়৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিব পৰ নাই৷

কিশোৰীগৰাকীক প্ৰেমিকে বলপূৰ্বকভাৱে আবেলি ফুৰিবলৈ উলিয়াই আনিছিল ঘৰৰ পৰা৷ পিছত প্ৰেমিকজন চাৰিজন বন্ধুৰে সৈতে মিলি ধৰ্ষণ কৰে। তাৰ পিছতেই সংজ্ঞাহীন কিশোৰীগৰাকীক পথৰ দাতিত পেলাই থৈ পলায়ন কৰে। বহু পলমকৈ উদ্ধাৰ হোৱা কিশোৰীগৰাকীক নাওবৈচাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়৷