লখিমপুৰৰ ৰূপহী জানৰ বাঢ়নী পানীত পৰি ৬৫ বছৰীয়া মহিলাৰ মৃত্যু

লখিমপুৰৰপৰা জিয়াউল আলীঃ লখিমপুৰৰ চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ আনন্দ বাগানৰ খাপৰা লাইনত এক অঘটন ঘটে।

ৰূপহী জানৰ বাঢ়নী পানীত পৰি এগৰাকী ৬৫ বছৰীয়া মহিলাৰ মৃত্যু হয়৷ পুৱা ৮ মান বজাত ধাৰাষাৰ বৰষুণৰ বাবে জলস্তৰ বৃদ্ধি পোৱা ৰূপহী জানত পিছল খাই পৰি যায় মহিলা গৰাকী আৰু ৯ মান বজাত দক্ষিণ ৰূপহীৰ ৰূপহী জানৰ ওপৰত থকা বাঁহৰ দলঙৰ তলত উদ্ধাৰ হয় তেওঁৰ  মৃতদেহ৷ পানীত ওপঙি থকা মৃতদেহ স্থানীয় লোকে দেখি চাউলধোৱা আৰক্ষীক খবৰ দিয়ে৷ 

আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ মৃত মহিলা গৰাকী আনন্দ চাহ বাগানৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।