নীতিশ-মোডীৰ ওপৰত প্ৰতিশোধ ল’ব লালুৱে, সেনাপতি হ’ব শৰদ যাদৱ

cantunas
cantunas

ডিজিটেল ডেস্কঃ বিহাৰ তথা দেশৰ আটাইতকৈ চৰ্চিত বৰ্ষীয়ান ৰাজনৈতিক নেতা আৰ জে ডি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালু প্ৰসাদ যাদৱে আৰম্ভ কৰিছে নতুন খেল৷  নীতিশ-মোডীৰ শাসনকাৰ্যত হোৱা অন্যায়ৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে এই নতুন খেল৷

এই খেলৰ বাবে লালুৱে সহযোগী হিচাপে ল’ব বিচাৰিছে জনতা দল ইউনাইটেডৰ (JDU) জ্যেষ্ঠ নেতা শৰদ যাদৱক৷ এই সংক্ৰান্তত ইতিমধ্যে লালুৱে তিনিটা টুইটেৰে বিজেপিৰ বিৰুদ্ধে খেলিবলগীয়া খেলখনৰ বিষয়ে শৰদ যাদৱক অৱগত কৰিছে ৷

শৰদলৈ লালুৱে প্ৰেৰণ কৰা টুইতকেইটাত কৈছে, লাঞ্চিত-বঞ্চিত দুখীয়াৰ খেতি-পথাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সমস্যা দুৰ কৰাৰ বাবে আমি দলৰ সকলোকে লৈ ৰাজপথৰ পৰা আৰম্ভ কৰি সংসদলৈকে যুঁজ দি যাম৷ মই আৰু শৰদ যাদৱে সংগ্ৰাম কৰোঁতে লাঠিৰ কোবো খাইছিলো৷

দেশৰ বাবে তেনে এক সংগ্ৰামৰ  পুনশ্চঃ প্ৰয়োজন আহি  পৰিছে৷ শোষিত-নিষ্পেষিত শ্ৰেণীটোৰ বাবে যুঁজ দিবই লাগিব৷ অন্য এটা টুইট কৰি লালুৱে কয়, দেশৰ দুখীয়া বঞ্চিত কৃষকসকলৰ সংকটমোচনৰ বাবে আমি আৰু নতুন আন্দোলন হাতত ল’ম৷ শৰদ ভাই আঁহা, আমি সকলোৱে একেলগ হৈ দক্ষিণপন্থী শাসনকাৰীক নিঃশেষ কৰোঁ- এই আহ্বান অধ্যক্ষগৰাকীৰ।