পশু খাদ্য কেলেংকাৰীৰ ডুমকা কোষাগাৰ গোচৰত দোষী সাব্যস্ত লালু যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথক নিৰ্দোষী ঘোষণা

ডিজিটেল ডেস্কঃ পশু খাদ্য কেলেংকাৰীৰ অধিনৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰে চিবিআইৰ বিশেষ আদালতে৷ একেটা গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰক নিৰ্দোষী ঘোষণা কৰা হয়৷ লালুৰ লগতে মনোৰঞ্জন প্ৰসাদ, অজিত শৰ্মা, বিমল কান্ত দাসক দোষী সাব্যস্ত কৰা হয়৷ লালু প্ৰসাদ যাদৱ আৰু আন আন লোকসকলৰ শাস্তি সন্দৰ্ভত ২২ মাৰ্চৰ পৰা আদালতত চৰ্চা আৰম্ভ হ’ব৷

ৰায় ঘোষণা পিছতেই আদালত চৌহদত উপস্থিত থকা আৰজেডিৰ নেতা ৰঘুবংশ প্ৰসাদে কয়, অভিনৱ নৰেন্দ্ৰ মোডী আৰু নীতিশৰ সংযোগ৷ অভিনৱ এই খেলা৷ দ্বিতীয় বাৰৰ বাবে জগন্নাথ মিশ্ৰক মুক্তি দিলে আৰু লালু যাদৱক দিলে জেল৷ এজন মানুহক জেল এয়াই হৈছে নৰেন্দ্ৰ মোডীৰ খেল৷

সোমবাৰ বিশেষ আদালতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰক বিহাৰৰ পশু খাদ্য কেলেংকাৰীৰ সন্দৰ্ভত নিৰ্দোষী ঘোষণা কৰে৷ আনহাতে সোমবাৰেই আন এগৰাকী মুখ্যমন্ত্ৰী, আৰজেডি নেতা লালু প্ৰসাদ যাদৱক দোষী সাব্যস্ত কৰে৷ পূৰ্বৰে পৰা পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰৰ কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হৈ লালু প্ৰসাদ যাদৱ ৰাঁচিৰ বিৰছা মুণ্ডা জেলত বন্দী হৈ আছে৷ 

লালুৰ বিৰুদ্ধে থকা চতুৰ্থটো গোচৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত সোমবাৰে ৰায় দিয়ে আদালতে৷ দুদিন পূৰ্বে লালু প্ৰসাদ যাদৱ হঠাৎ অসুস্থ হৈ পৰাত ৰাঁচিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল জেল কৰ্তৃপক্ষই৷ বিৰচা মুণ্ডা জেল অধীক্ষক অশোক চৌধুৰীয়ে লালু প্ৰসাদ হৃদ সম্পৰ্কে কোনো সমস্যা নাই৷ কিন্তু চিন্তাৰ বাবে সামন্য ৰোগত আক্ৰান্ত হয়৷

লালু প্ৰসাদ যাদৱে চিকিৎসালয়ৰ পৰা আদালতত উপস্থিত নহয়৷ চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ শিৱপাল সিঙে প্ৰশিক্ষণ কামত থকাত যোৱা শনিবাৰে আদালত নবহিল৷ যাৰ বাবে ৰায়দানৰ দিন সলনি কৰিব লগা হৈছিল৷

চিবিআইৰ বিশেষ আদালতে আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰ সহ ৩১ গৰাকী লোকৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে৷ চিবিআইৰ বিশেষ আদালতে পূৰ্বে তিনিটা গোচৰৰ ৰায় ঘোষণা কৰি শাস্তি ঘোষণা কৰাৰ ফলত বিৰচা মুণ্ডা জেলত বন্দী হৈ আছে লালু৷

উল্লেখ্য যে, ৯৫০ কোটি টকাৰ পশু খাদ্য কেলেংকাৰী আৰু দেৱঘৰ কোষাগাৰ ৮৯ লাখ ২৭ হাজাৰ টকাৰ কেলেংকাৰীৰ দোষী সাব্যস্ত কৰি লালু প্ৰসাদ যাদৱক তিনি বছৰ ৬ মাহ জেল আৰু ৫ লাখ টকা জৰিমণাৰ সৈতে শাস্তি ঘোষণা কৰিছিল৷ ৬ জানুৱাৰীত বিচিআইৰ বিশেষ আদালতে লালু প্ৰসাদ যাদৱৰ শাস্তিৰ ৰায় ঘোষণা কৰিছিল৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, আৰ কেৰানা, জগদীশ শৰ্মা সহ ১৬ গৰাকীৰ শাস্তিৰ ৰায় আদালতে ঘোষণা কৰিছিল৷ ১৯৯০ আৰু ১৯৯৪ চনত সংঘটিত এই ঘটনাৰ গোচৰ ৰুজু হৈছিল ১৯৯৭ চনত৷ চতুৰ্থটো গোচৰ ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত সোমবাৰে ৰায় দিয়ে আদালতে৷ সেই সময় লালু আছিল বিহাৰৰ মুখ্যমন্ত্ৰী৷