বান্দৰদেৱাত পিষ্টলসহ তিনি দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

লালুকঃ লখিমপুৰ জিলা আৰক্ষী অধীক্ষক হৰেকৃষ্ণ নাথ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) শান্তনু দত্তৰ যুটীয়া অভিযানত বান্দৰদেৱাৰ পিটিছিৰপৰা দুটাকৈ পিষ্টলসহ তিনিটা দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, দুৰ্ধৰ্ষ ডকাইত তিনিটা ক্ৰমে লখিমপুৰ পানীগাওঁৰ সৌৰভ দলে, মাজুলীৰ প্ৰবীণ মিলি, নাৰলগুণৰ এন্টনি দকে৷ ডকাইত তিনিটাৰপৰা আৰক্ষীয়ে দুটা পইন্ট থ্ৰি টু পিষ্টলসহ সাত জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে৷

বৃহস্পতিবাৰে সন্ধিয়া ডকাইত তিনিটা গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আজিহে এই তথ্য আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ধৃত ডকাইত তিনিটাৰ ভিতৰত এন্টনি দকে আৰু প্ৰবীন মিলি কিছুদিন পূৰ্বে ডকাইতি গোচৰত অৰুণাচলত কাৰাবাস খাটিছিল৷ আজি বিহপুৰীয়া আৰক্ষীয়ে ধৃত ডকাইত তিনিটাক জিলা আদালতত হাজিৰ কৰি সোধাপোছাৰ বাবে নিজৰ জিম্মালৈ আনে৷