জনসংখ্যা বাঢ়িছে, মাটি কমিছে, খেতিয়কে কম ভূমিত বেছি উৎপাদন কৰিব লাগিব

গোৰেশ্বৰঃ যোৰহাটৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ অধিনৰ বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মঙলবাৰে জিলাখনৰ গুৰমৌত বিশ্ব ভূমি দিৱস উদযাপন কৰা হয়৷ দিনৰ এঘাৰ বজাত এখন সভা অনুষ্ঠিত হয়৷ সভাত ৰঙিয়া বিধান সভা সমষ্টিৰ বিধায়ক ভবেশ কলিতা, বি টি চিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, বাক্সা জিলা কৃষি বিষয়া ড০ কৈলাশ ডেকা, তামুলপুৰ মহকুমাৰ মহকুমা কৃষি উন্নয়ন বিষয়া মৃগেন স্বৰ্গীয়াৰী উপস্থিত থাকে৷

সভাৰ আৰম্ভনিতে জিলা কৃষি বিঞ্জান কেন্দ্ৰক সমন্বয়ক ড০ উৎপল জ্যোতি শৰ্মাই বিশ্ব ভূমি দিৱসৰ লক্ষ্য আৰু উদ্দেশ্যে ব্যখ্যা কৰি বিশ্বত যিমান জীৱকূল আছে সকলোৱে এই ভূমিৰ পৰাই খাদ্যকে ধৰি সকলো উপাদান গ্ৰহণ কৰি জীয়াই আছে বুলি কয়৷ কৃষকসকলেও ভূমিৰ ওপৰতে নানান কৃষিকাৰ্য কৰি খাদ্য উৎপাদন কৰি আহিছে৷ এই সকলো বিলাকৰে মূল ভেটিহ’ল মাটি৷ আমি মাটিৰ যদি সঠিক যতন নলও তেতিয়া হ’লে আমি উৎকৃষ্ট মানদণ্ডৰ খাদ্য নাপাম৷ মাটিৰ স্বাস্থ্য ভাল থাকিলে ভাল খাদ্য উৎপাদন কৰিব পাৰিম আৰু তেতিয়া আমাৰ স্বাস্থ্যও ভালে থাকিব৷

মাটি আৰু মানুহৰ নিবিড় সম্পৰ্ক আছে য’ত মাটি ভালে থাকিলেহে আমাৰ স্বাস্থ্য ভালে থাকিব৷ মাটিৰ স্বাস্থ্য ভালে ৰখাৰ বাবে সদায় মাটিৰ পৰীক্ষা কৰিব লাগিব৷ তেতিয়া মাটিৰ ফচল ভাল হ’ব৷ মাটিৰ স্বাস্থ্য ৰক্ষা কৰাটো অতীব প্ৰয়োজন৷ কৃষি আৰু কৃষকৰ উন্নয়ন কৃষি বিজ্ঞান কেন্দ্ৰ সমুহৰ আমাৰ প্ৰধান উদ্দেশ্যে। বিধায়ক ভবেশ কলিতাই বিশ্ব ভূমি দিৱস কিয় পালন কৰা হয় তাৰ বহল ব্যাখ্যা দি কৃষিবিজ্ঞান কেন্দ্ৰ সমুহে কৃষকক ধন দৌলত দিব নোৱাৰিলেও কৃষিক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰে কি দৰে এডৰা মাটিত অধিক ফচল উৎপাদন কৰিব পাৰি, কোনডৰা মাটিত কি খেতি কৰিলে কৃষকৰ উন্নয়ন সম্ভৱ হ’ব তাৰ প্ৰযুক্তি কৌশলৰ জ্ঞান দিব পাৰে বুলি কয়৷ আমি মাটি পৰীক্ষা কৰি মাটিডৰা উৰ্বৰা কৰি কি দৰে ফচল উৎপাদন কৰিব পাৰে তাৰ প্ৰতি কৃষক সকল সচেতন হোৱাতো দৰকাৰ আৰু প্ৰয়োজন বুলি কয় বিধায়কগৰাকীয়ে৷

বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে আমাৰ জনসংখ্যা বাঢ়িছে বুলি কৈ মাটিৰ পৰিমাণ কমিছে বুলি কয়৷ সেয়ে বছৰত এডৰা মাটিতে অধিক খেতি কৰি কিদৰে আৰ্থিক উন্নয়ণ কৰিব পাৰি তাৰ বাবে মাটি পৰীক্ষা কৰাটো দৰকাৰ বুল কয়৷ মাটি পৰীক্ষা কৰি উপযুক্ত জৈৱিক পদ্ধতিৰে সাৰ প্ৰয়োগ কৰি খেতি কৰিলে কৃষকৰ উন্নয়ণ সম্ভৱ কৰিব পাৰি৷ নহ’লে আমাৰ কৃষক সকল দিনক দিনে পিছপৰি যাব৷ মাটি ভালে থাকিলে ভাল ফচল উৎপাদন হ’ব৷ তেতিয়া আমাৰ স্বাস্থ্যও ভালে থাকিব৷ সভাত জিলা কৃষি বিষয়া ড০ কৈলাশ ডেকাই জিলাখনৰ পাঁচহাজৰ কৃষকৰ মাটিৰ নমুনা পৰীক্ষা কৰাৰ দিহা কৰা হৈছে বুলি কয়৷

সকলো কৃষকৰে মাটিৰ নমুনা পৰীক্ষা কৰি আমি ভূমি স্বাস্থ্য পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছো৷ সভাতে বিশ্ব ভূমি দিৱস উপলক্ষে কৃষি, সমবায়-কৃষি কল্যান বিভাগ, কৃষি আৰু কৃষক কল্যান মন্ত্ৰাণালয়, ভাৰত চককাৰৰ ভূমি স্বাস্থ্য পত্ৰৰ অনুমোদন সাপেক্ষে সাৰ ব্যৱহাৰৰ ব্যৱস্থা উন্নীতকৰণ আৰু উৎপাদন ব্যায় হ্ৰাসকৰন, উৎপাদন বৰ্দ্ধিতকৰণ আৰু কৃষকৰ আয় বৰ্দ্ধনৰ লক্ষ্যৰে জিলাখনৰ পাঁচশগৰাকী কৃষকৰ মাটিৰ নমুনা পৰীক্ষা কৰি ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰা হয়৷ সভাতে বিশ্ব ভূমি দিৱস উপলক্ষে কৃষক সকলৰ মাজত আনুষ্ঠিকভাৱে ভূমি স্বাস্থ্য পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে বিধায়ক ভবেশ কলিতাই৷