
গোলকগঞ্জঃ ৰাজৈনিত দল বোৰৰ বাবে যেন সুখবৰ হে ৷ বাংলাদেশী অসমৰ ভূমিত বিনা দ্বিধাই সোমাব পাৰিব৷ বাঢ়িব তেওঁলোকৰ ভোট বেংক৷ লাগিলে অসমৰ ভূমিপুত্ৰ সকলৰ জীৱন দুৰ্বিষহ নহওক কিয় ৷ অসম বাংলাদেশ সীমান্তৰ অসমৰ গাঁও গৰা খহনীয়াৰ কবলত পৰি জাহ গৈছে। এফালৰ পৰা জাহ যোৱা গাঁও নিশ্চিহ্ন হোৱাৰ পিছতে চিন-চাব নাথাকিব। যাৰ ফলত ক্ৰমান্বয়ে বাংলাদেশৰ ঘৰৰ চোতাল হবলৈ ধৰিছে অসম ভূমি৷
ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিন্নাছাৰা তৃতীয় আৰু চতুৰ্থ খণ্ড গাঁৱত গংগাধৰ নৈৰ গৰা খহনীয়াৰ ৰুভয়াবৰ ৰূপে নিদ্ৰাহৰণ কৰিছে বিন্নাছাৰা বাসী ৰাইজক। যোৱা এমাহ ধৰি গংগাধৰ নৈৰ ব্যাপক খহনীয়াই ১৪০টা পৰিয়ালক গৃহহীন কৰে।
বিন্নাছাৰা গাঁৱৰ কে ডি পথ নৈৰ গৰা খহনীয়াই প্ৰায় অস্তিত্ব নাইকিয়া কৰে। বৰ্তমান পথটোৰ হাইটেক কোম্পানীয়ে বাঁহৰ পাৰ্কুপাইন পেলাই আছে যদিও বৰ্তমানেও খহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ ভাৰত বাংলাদেশ সীমান্তত যদি এনেদৰেই গৰাখহনীয়া অব্যাহত থাকে তেন্তে অতি শীঘ্ৰে অসমৰ ভূমি বাংলাদেশৰ চৰণীয়া পথাৰ হৈ পৰিব বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।
কিয়নো অসমৰ গাঁও খনৰ পৰা কিছু নিলগত আছে বাংলাদেসৰ গাঁও। অসমৰ গাঁও দুখনে সীমা নিৰ্ধাৰণ কৰিছিল। গাঁও দুখন নিশ্চিহ্ন হোৱাৰ পিছতেই সীমান্তৰ কোনো চিব চাব নথকাৰ লগতে সমীপত কথা বাংলাদেশৰ লোকে অনায়াসে সোমাই অহাৰ সুবিধা লাভ কৰিব। ইমানৰ পিছতো এমাহ উকলি যোৱাত চৰকাৰে গাঁও ৰক্ষা কৰিবৰ বাবে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।