
newsnextone.com | নগাঁওঃ ৰাজ্যৰ উজনি-নামনিত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱা হয়৷ মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এইবেলিও পেটত কণী থকা থলুৱা মাছৰ নিধন যজ্ঞ অব্যাহত ৰাখিছে৷ সমগ্ৰ ৰাজ্য খনতে এই কাণ্ড অব্যাহত ৰাখিছে একাংশ লোকে৷
বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলত মীন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি এচাম অসাধু ব্যৱসায়ীয়ে অবাধে ব্যাপক হাৰত পোণা মাছৰ লগতে কণীযুক্ত মাছৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে৷ বৰ্তমান মাছৰ প্ৰজনন ঋতু চলি থকাৰ সময়তে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেবেজীয়াৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাট আৰু ৰাইদঙীয়াৰ মাজেৰে বৈ যোৱা সোণাই নৈত অবাধ গতিত কণীযুক্ত মাছৰ নিধনযজ্ঞ চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷মীন আইনক সম্পূৰ্ণৰূপে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নৈখনৰ মাজগাঁও আৰু কাছমাৰী পথাৰ অংশটোত নিতৌ একাংশ মাছমৰীয়া আৰু মৎস্য ব্যৱসায়ীয়ে বুজন পৰিমাণৰ কণীযুক্ত মাছ নানা প্ৰকাৰে ধৰি ৰমৰমীয়া ব্যৱসায় নিৰ্ভয়ে চলাই আহিছে৷
স্মৰ্তব্য যে, ১৯৯৭ চনৰ ভাৰতীয় মীন আইনৰ ৭(১) ধাৰা অনুসৰি পহিলা মে’ৰ পৰা পোন্ধৰ জুলাইলৈ ৭ ছেন্টিমিটাৰ বাৰ/১৪ ছেন্টিমিটাৰ বাৰতকৈ কম পাহৰ বেৰজাল, ফাঁচিজাল, মহাজালকে ধৰি আন কোনো ধৰণৰ জাল মীন মহলত ব্যৱহাৰ কৰাটো নিষিদ্ধ৷ তদুপৰি এক মে’ৰ পৰা ১৫ জুলাইলৈ বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ লগতে কণীযুক্ত মাছ যিকোনো প্ৰকাৰেই নহওঁক কিয় মৰাটো সম্পূৰ্ণকৈ আইনমতে দণ্ডনীয়৷
কিন্তু বাস্তৱ ক্ষেত্ৰত এই আইনক সম্পূৰ্ণৰূপে অৱজ্ঞা তথা উলংঘা কৰি সোণাই নৈত বিভিন্ন প্ৰকাৰৰ জালেৰে মাছ মাৰি থকাত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ নৈখনৰ উক্ত অংশটো এজন লোকে চৰকাৰীভাবে লীজত লৈছে যদিও গুৰু গোঁসাই নমনা মদগৰ্বী মহলদাৰজনে অসাধু চক্ৰটোক নিয়মবৰ্হিভূতভাবে কণীযুক্ত মাছ নিধন প্ৰক্ৰিয়া নিবিঘ্নে চলাই থাকিবলৈ দি কৌশলেৰে অধিক মুনাফা লুটি আহিছে৷
প্ৰতিদিনে পুৱাৰ ভাগত মাছমৰীয়া আৰু মৎস্য ব্যৱসায়ীৰ লগতে স্থানীয় লোকে চিপজাল, টঙিজাল আৰু আঁঠুৱা জালেৰে নৈখনৰ পৰা কণীযুক্ত ৰৌ, মিৰিকা, ভাঙুন, শ’ল, কুঁহি, নাৰ, কলিয়াজাই, পুঁঠি, ভেচেলী আদি বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰি গ্ৰাহকৰ ওচৰত চ’ৰা দামত বিক্ৰী কৰি আহিছে৷ যাৰ পৰিণতিত নিতৌ নৈখনৰ পাৰত পুৱা আৰু সন্ধ্যা ভাগত মাছ ক্ৰয় কৰিবৰ বাবে গ্ৰাহকৰ যথেষ্ট সমাগম হয় আৰু গ্ৰাহকৰ এনে সমাগমৰ অচিলা লৈ সুবিধাবাদী চক্ৰটোৱে মীন আইনক ভৰিৰে মোহাৰি অব্যাহত ৰাখিছে এনে অবৈধ বেহা৷
অসমৰ বিভিন্ন প্ৰান্তৰ সৰু-বৰ বজাৰত অভাবনীয়ভাৱে বৰ্হিঃৰাজ্যৰ পৰা অহা চালানী মাছে প্ৰাধান্য বিস্তাৰ কৰি থলুৱা মাছৰ অস্তিত্বৰ প্ৰতি একপ্ৰকাৰে ভাবুকি সৃষ্টি কৰাৰ সময়তে এনেদৰে কণীযুক্ত থলুৱা মাছৰ নিধন প্ৰক্ৰিয়া সোণাই নৈত চলি থকা কাৰ্যক প্ৰতিহত কৰিবৰ কাৰণে জিলা প্ৰশাসনক তৎকালে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাই ৰাইজে৷